ৰাষ্ট্ৰীয়

ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত একেটা পৰিয়ালৰ ৪জন সদস্যসহ ৫জনৰ কৰুণ মৃ্ত্যু…

এক অতি শোকাৱহ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাটোত থিতাতে নিহত একেটা পৰিয়ালৰ ৪জন সদস্যসহ ৫জনৰ কৰুণ মৃ্ত্যু।

পুনে-মুম্বাই এক্সপ্ৰেছৱেৰ লোনাভলাৰ ওচৰৰ শিলাটনে সীমাত পুৱা প্ৰায় ৮ বজাত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো।

জানিব পৰা মতে, দুৰ্ঘটনাটোত মৃত্যু হোৱা পাঁচোজন লোক মুম্বাইৰ পৰা পুনেলৈ এখন গাড়ীত আহি আছিল।

কিন্তু এটা সময়ত গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰ পাৰ হৈ পথৰ সিটো পাৰ পোৱাত বিপৰীত দিশৰ পৰা আহি থকা এখন ট্ৰাকে তীব্ৰ বেগত খুন্দা মাৰে।

যাৰ ফলত থিতাতে নিহত হয় বাহনখনত থকা ৫জনকৈ লোক।

জানিব পৰা মতে, দুৰ্ঘটনাটোত একেটা পৰিয়ালৰে চাৰিজন লোকৰ মৃত্যু হৈছে।

মৃত্যু হোৱা লোক কেইজন হৈছে- মাচিডেভি তিলোক (৮২), সীমাৰাজ তিলোক (৩২), শালিমৰাজ তিলোক (১৯), মহাবীৰৰাজ তিলোক (৩৮) আৰু ড্ৰাইভাৰ – ৰিহান আনচাৰী (২৬)।

লগতে চাওকঃ

মাথোঁ ৬ দিনৰ ভিতৰতে পিতৃ-মাতৃ দুয়োকে হেৰুৱাই ঘাটমাউৰা হৈ পৰিল এটি কণমানি!

Leave a Reply

Your email address will not be published. Required fields are marked *