ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু বিশ্ববিদ্যালয়ৰ গ’ল্ফ টীমৰ মুখ্য প্ৰশিক্ষক আৰু ৬ গৰাকী খেলুৱৈৰ

নিউজ ডেস্ক। আমেৰিকাৰ টেক্সাছৰ মিডলেণ্ডত মঙলবাৰে নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু ঘটে এখন বিশ্ববিদ্যালয়ৰ গ’ল্ফ টীমৰ ৬ গৰাকী খেলুৱৈ আৰু মুখ্য প্ৰশিক্ষকসহ মুঠ ৯ জন লোকৰ মৃত্যু ঘটে।

বাতৰি অনুসৰি, নিউ মেক্সিকোৰ হবছস্থিত চাউথ-ৱেষ্ট বিশ্ববিদ্যালয়ৰ পুৰুষ আৰু মহিলা গ’ল্ফ টীম দুটাই এখন টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰি উভতি অহাৰ পথতে তেওঁলোকৰ ভানখনত এখন তীব্ৰবেগী পিকআপ ট্ৰাকে খুন্দা মাৰে। যাৰ ফলত বাহনখনৰ ভিতৰত থকা খেলুৱৈ আৰু মুখ্য প্ৰশিক্ষকজনৰ মৃত্যু ঘটে।

golf bus crash 2 1
ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু বিশ্ববিদ্যালয়ৰ গ’ল্ফ টীমৰ মুখ্য প্ৰশিক্ষক আৰু ৬ গৰাকী খেলুৱৈৰ 3

এই দুৰ্ঘটনাত দুজন লোক গুৰুতৰভাৱে আহত হয়।

বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এক বিবৃত্তিযোগে নিশ্চিত কৰা মতে, দুৰ্ঘটনাত পতিত বাহনখনত আছিল বিশ্ববিদ্যালয়খনৰ পুৰুষ আৰু মহিলা গ’ল্ফ টীমৰ প্ৰশিক্ষক টাইলাৰ জেমছ।

আনহাতে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা খেলুৱৈ কেইগৰাকীক মেক্সিকোৰ মাউৰিকো চেঞ্চেজ (১৯), টেক্সাছৰ প্লেজেণ্টনৰ ট্ৰেভিছ গাৰ্চিয়া (১৯), কলোৰাডোৰ ৱেষ্টমিনষ্টাৰৰ জেকচন জিন (২২), টেক্সাছৰ ফ’ৰ্ট ষ্টকটনৰ কোৰিছা ৰাইনছ (২১), টেক্সাছৰ নোকোনাৰ লেচি ষ্টোন (১৮) আৰু পৰ্তুগালৰ টিয়াগো চাউচা (১৮) বুলি চিনাক্ত কৰা হৈছে।

texas bus crash03 16
ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু বিশ্ববিদ্যালয়ৰ গ’ল্ফ টীমৰ মুখ্য প্ৰশিক্ষক আৰু ৬ গৰাকী খেলুৱৈৰ 4

আনহাতে দুৰ্ঘটনাত আহত আন দুজন খেলুৱৈক অণ্টাৰিঅ’ৰ মিচিচাগাৰ ১৯ বছৰীয়া ডেটন প্ৰাইচ আৰু অণ্টাৰিঅ’ৰ আমহাৰ্ষ্টভিউৰ ২০ বছৰীয়া হেডেন আণ্ডাৰহিল বুলি জানিব পৰা গৈছে। আহত দুজনৰ অৱস্থাও বৰ্তমান সংকটজনক প্ৰকাশ কৰিছে বিশ্ববিদ্যালয়ৰ বিবৃত্তিত।

টেক্সাছৰ ৰাজহুৱা সুৰক্ষা বিভাগৰ চাৰ্জেন্ট ষ্টিভেন ব্লাঙ্কোৱে জানিবলৈ দিয়া মতে, দুৰ্ঘটনাটো মঙলবাৰে সন্ধিয়া প্ৰায় ৮:১৭ বজাত সংঘটিত হয়। টেক্সাছৰ এণ্ড্ৰুজৰ পৰা প্ৰায় ৯ মাইল পূবে গ’ল্ফ দলক কঢ়িয়াই নিয়া ১৭ খন আসনৰ যাত্ৰীবাহী ভানখনত এখন পিকআপ ট্ৰাকে প্ৰচণ্ড জোৰে খুন্দা মৰাত সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনা।

ৰাষ্ট্ৰীয় পৰিবহন সুৰক্ষা বোৰ্ডে বুধবাৰে আবেলি প্ৰকাশ কৰা মতে, এই দুৰ্ঘটনাৰ তদন্ত কৰিবলৈ এটা ১১ জনীয়া বিশেষজ্ঞৰ দল ইতিমধ্যে টেক্সাছলৈ প্ৰেৰণ কৰা হৈছে। আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধানৰ পিছত প্ৰকাশ কৰা মতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত মুখ্য প্ৰশিক্ষক জেমছে চলাই আছিল গ’ল্ফ টীম কঢ়িয়াই নিয়া ভানখন।

Leave a Comment