ভয়ংকৰ দুৰ্ঘটনা! বাছ আৰু ট্ৰেইলাৰৰ মুখামুখি সংঘৰ্ষত শিশু-মহিলাসহ ৬জনৰ মৃত্যু, আহত কেইবাজনো…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

বাছ আৰু ট্ৰেইলাৰৰ মুখামুখি সংঘৰ্ষত শিশু-মহিলাসহ ৬জনৰ মৃত্যু।

এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে গুজৰাটৰ বদোদৰাত।

মঙলবাৰে পুৱাই বদোদৰা চহৰৰ উপকণ্ঠত আহমেদাবাদ-মুম্বাই ৰাষ্ট্ৰীয় ঘাইপথত এখন বাছ আৰু ট্ৰেইলাৰত মুখামুখি সংঘৰ্ষৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হৈছে।

দুৰ্ঘটনাটোৰ ফলত ৬ গৰাকীকৈ লোক নিহত হোৱাৰ লগতে আহত হৈছে প্ৰায় ১৫ জনকৈ লোক।

জানিব পৰা অনুসৰি, বাছখন ৰাজস্থানৰ পৰা চুৰাট অভিমুখে গৈ থকা অৱস্থাত পুৱা প্ৰায় ৪ মান বজাত দুৰ্ঘটনাটো সংঘটিত হয়।

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, মৃতসকলৰ ভিতৰত এটা শিশু, এগৰাকী মহিলা আৰু চাৰিজন পুৰুষ।