বনাঞ্চলত বসবাস কৰা লোকসকলক প্ৰদান কৰিব ভূমিৰ পট্টাঃ BTC প্ৰধান প্ৰমোদ বড়ো…

বনাঞ্চলত বসবাস কৰা লোকসকলক প্ৰদান কৰিব ভূমিৰ পট্টা।

মুছলপুৰত এই কথা ঘোষণা কৰে BTC প্ৰধান প্ৰমোদ বড়োৱে।

তেওঁ কয়- ‘বনাঞ্চল এলেকাৰ লোকক দিয়া হ’ব মাটিৰ পট্টা, ভাৰত-ভূটান সীমান্তৱৰ্তী বনগাঁৱৰ লোকক দিয়া হ’ব ভূমি পট্টা।

উল্লেখ্য যে, দীৰ্ঘদিনে প্ৰায় ৯০০ পৰিয়ালে মাটিৰ পাট্টাৰ বাবে জনাই আহিছিল আবেদন।

বন্যহস্তী কৰিডৰত বসবাস কৰা লোকসকলকো দিয়া হ’ব পট্টা।

পৰ্যায়ক্ৰমে অঞ্চলটোৰ খোৱাপানীৰ লগতে আন সমস্যাও সমাধানৰ আশ্বাস প্ৰদান কৰে BTC প্ৰধান গৰাকীয়ে।