অসমঅসমীয়া

এছ আই জােনমণি ৰাভাক গ্ৰেপ্তাৰ!

অৱশেষত গ্ৰেপ্তাৰ কৰা হ’ল অসম আৰক্ষীৰ উপ-পৰিদৰ্শক জােনমণি ৰাভাক।

প্ৰৱঞ্চনাৰ গােচৰত নিজৰ ভাবী স্বামী ৰাণা পাগাগ গ্ৰেপ্তাৰ কৰা জােনমণি ৰাভাক প্ৰৱঞ্চনাৰ গােচৰত ৩ দিনৰ জেৰা অন্তত গ্ৰেপ্তাৰ কৰে মাজুলীৰ গড়মূৰ আৰক্ষীয়ে।

এই কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে জিলাখনৰ আৰক্ষী অধীক্ষক গৌতম বৰাই।

photo 2022 06 04 12 06 19

উল্লেখ্য যে বিগত ৩ দিন ধৰি মাজুলী গড়মূৰ আৰক্ষী থানাত জেৰা চলােৱা হৈছিল জােনমণি ৰাভাক।

জােনমণিৰ দুটা বেংক একাউন্টত প্ৰৱঞ্চনাৰে আহৰণ কৰা প্ৰায় ২০ লাখ টকা জমা হোৱাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছিল।

উল্লেখ্য যে যোৱা ৪ মে’ত নগাঁও আৰক্ষীয়ে প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল মাজুলীৰ যুৱক ৰাণা প’গাগক।

965

এই ৰাণা প’গাগৰ সৈতে এছ আই জোনমণি ৰাভাৰ নৱেম্বৰ মাহত বিয়া হোৱাৰ কথা আছিল।

গড়মূৰ আৰক্ষীৰ তদন্তত পােহৰলৈ অহা অনুসৰি, জোনমণিৰ দুটাকৈ বেংক একাউণ্টত সোমাইছিল ২০ লক্ষাধিক টকা।

কানাড়া বেংকৰ গড়মূৰ শাখাত থকা একাউণ্টত ১১,৩৩,১৭৪ টকা আৰু এক্সিছ বেংকৰ একাউণ্টত সোমাইছিল ৯,১৪, ২৬৯ টকা।

উল্লেখযোগ্য যে ৰাজ্যজুৰি তোলপাৰ লগা এই প্ৰৱঞ্চনা সন্দৰ্ভত জোনমণি ৰাভাক সাঙুৰি ৰাণা পগাগৰ বিৰুদ্ধে গড়মুৰ আৰক্ষী থানাত ৰুজু হোৱা গোচৰৰ তদন্ত যোৱা ১৭ মে’ৰ পৰা আৰম্ভ হয়।

photo1653033640

গড়মুৰস্থিত কানাড়া বেংকত জোনমণি ৰাভাৰ নামত থকা বেংক একাউণ্টৰ জৰিয়তে ধনৰ লেনদেন কৰিছিল ৰাণা পগাগে।

উল্লেখযোগ্য যে প্ৰৱঞ্চক ৰাণা পগাগে প্রেমিকা জোনমণি ৰাভাৰ সহযোগত অ এন জি চিত বহু কোটি টকাৰ ঠিকা দিয়াৰ প্রলোভনেৰে ব্যৱসায়ী ৰাম অৱতাৰ শৰ্মাৰ পৰা প্ৰায় ৪৯ লাখ, অজিত বৰাৰ পৰা প্ৰায় ১৩ লাখ আৰু ৰঞ্জন কুটুম নামৰ এজন ঠিকাদাৰৰ পৰা প্ৰায় ২৫ লাখ টকা কমিছন লৈছিল ৰাণা পগাগে।

উক্ত সময়ছোৱাত জোনমণি ৰাভা গড়মূৰ আৰক্ষী থানা আৰু পিচত বালিচাপৰি আৰক্ষী চকীত কৰ্মৰত আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *