অসম

ভয়ংকৰ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই উফৰি পৰিল বাহন, ৬ জনকৈ লোকে কৰুণ মৃত্যু…

এক অতি ভয়ংকৰ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে উফৰি পৰিল এখন বিলাসী বাহন।

দুৰ্ঘটনাটোৰ ফলত কৰুণ মৃত্যুক সাৱটিলে ৬ গৰাকীকৈ লোকে।

জানিব পৰা মতে, চলন্ত অৱস্থাত হঠাতে টায়াৰ ফুটি যায় বাহনখনৰ। যাৰ ফলত নিয়ন্ত্ৰণৰ বাহিৰ হৈ পৰাৰ ফলত বেয়াকৈ দুৰ্ঘটনাত পতিত বাহন খন।

এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ইটাৱা জিলাত।

৬ জনৰ মৃত্যু হোৱাৰ লগতে আন এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

বাহন কাটি উদ্ধাৰ কৰিব লগা হয় মৃতদেহ কেইটা। আনহাতে আহত জনত হাস্পতালত ভৰ্তি কৰায়।

জানিব পৰা মতে, দুৰ্ঘটনাত মৃত্যু হোৱা লোক সকল কোনো বিবাহৰ বাবে ভিডিঅ আৰু ফটো তোলাৰ কাম কৰিবলৈ বুলি ৰাওনা হৈছিল।

এই ঘটনাৰ পিছতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও শোক প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *