অসম

প্ৰথমবাৰলৈ আপে(AAP) অসমত জয়লাভ কৰিলে দুখনকৈ পৌৰসভা আসন…

প্ৰথমবাৰলৈ আপে অসমত জয়লাভ কৰিলে দুখনকৈ পৌৰসভা আসন।

পৌৰ সভাৰ দুটাকৈ ৱাৰ্ডত বিজয়ী সাব্যস্ত কৰিছে ‘আপ’ৰ (Aam Aadmi Party) প্ৰাৰ্থী।

তিনিচুকীয়াৰ ১১নং ৱাৰ্ডত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে অধিবক্তা ধীৰাজ কুমাৰ সিঙে।

আনহাতে, উত্তৰ লখিমপুৰৰ ১৪ চি ৱাৰ্ডত বিজয়ী হৈছে উদীতা দাস। 

ফলাফল ঘোষণাৰ পিছতে দুয়োগৰাকী বিজয়ী প্ৰাৰ্থীক দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে জনাইছে শুভেচ্ছা।

উল্লেখ্য যে, পৌৰসভা নিৰ্বাচনত বিৰোধীক বিধ্বস্ত কৰি ৮০খনৰ ৭৭খন পৌৰসভাই দখল কৰিবলৈ সক্ষম হ’ল বিজেপিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *