অসম

পৌৰসভাৰ ফলাফলঃ মৰিয়নিত মুখ থেকেচা খালে ৰূপজ্যোতি কুৰ্মীয়ে…

বুধবাৰে ৰাজ্যত ঘোষণা কৰা হ’ল পৌৰসভা নিৰ্বাচনৰ ফলাফল।

পৌৰসভা নিৰ্বাচনত প্ৰায়সমূহ আসনতেই বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হৈছে শাসকীয় দল বিজেপিয়ে।

কিন্তু বিজেপিত যোগদান কৰিয়েই প্ৰথমবাৰতে মৰিয়নিত মুখ থেকেচা খালে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।

আজি ঘোষণা হোৱা পৌৰসভা নিৰ্বাচনত মুথ থেকেচা খাবলগীয়া হ’ল ন-বিজেপি বিধায়ক ৰূপজ্যোতিয়ে।

মৰিয়নিত বিজেপিক ধূলিসাৎ কৰি ১০টা ৱাৰ্ডৰ ভিতৰত ৮টাতে নিৰ্দলীয় প্ৰাৰ্থীয়ে উৰুৱালে বিজয়ধব্বজা।

উল্লেখ্য যে, মৰিয়নি পৌৰসভা নিৰ্বাচনত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে নিজ পচন্দৰ প্ৰাৰ্থীক নিবাচনত অৱতীৰ্ণ কৰোঁৱাত ক্ষুব্ধ হৈ নিৰ্দলীয় ৰূপত অৱতীৰ্ণ হৈছিল বহু বিজেপি কৰ্মী।

মৰিয়নিৰ প্ৰয়াত প্ৰাক্তন বিধায়ক অলক ঘোষৰ ঘনিষ্ঠৰূপে পৰিচিত বহুকেইজন প্ৰাক্তন বিজেপি কৰ্মীয়ে নিৰ্দলীয়ৰূপে অবতীৰ্ণ হৈ বিজয় লাভ কৰিবলৈ সক্ষম হয়

মৰিয়নি নগৰৰ ১৭হেজাৰ ভোটাৰৰ গৰিষ্ঠসংখ্যকে হৈছে বঙালী ভোটাৰ। অলক ঘোষৰ প্ৰভাৱ থকা বঙালী ভোটাৰসকলে পূৰ্বৰ দৰে এইবাৰ নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *