অসম

ভয়ংকৰ পথ দুৰ্ঘটনা! ট্ৰাক আৰু বলেৰ’ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ…

গোলাঘাটৰ আমোলাপট্টিত ভয়ংকৰ পথ দুৰ্ঘটনা।

ট্ৰাক আৰু বলেৰ’ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ।

এএছ০১ চি চি৭০৪৭ নম্বৰৰ এখন ৭০৯ ট্ৰাক আৰু এএছ০৯ ই৯৪৩৯ নম্বৰৰ বলেৰ’ বাহনৰ মাজত হয় ভয়ংকৰ দুৰ্ঘটনাটো।

image 75

দুৰ্ঘটনাটোৰ ফলত দুয়োখন বাহনৰ ক্ষতিসাধন হোৱাৰ লগতে পিংকু শইকীয়া আৰু হিৰকজ্যোতি বৰ্মন নামৰ দুই চালক আঘাতপ্ৰাপ্ত হয়।

জানিব পৰামতে ৭০৯ ট্ৰাকখনে গুৱাহাটীৰ পৰা তিতাবৰলৈ বিস্কুট আৰু চিপছ কঢ়িয়াই আনিছিল।

আনহাতে দুৰ্ঘটনাগ্ৰস্ত বলেৰ’ বাহনখনে ডিফুৰ নিৰ্বাচনৰ বাবে গৈ আছিল।

আঘাতপ্ৰাপ্ত দুয়োজনকে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *