ৰাষ্ট্ৰীয়অসমীয়া

ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল এলায়েন্স এয়াৰৰ বিমান

নিউজ ডেস্ক। বুধবাৰে পুৱা এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে এলায়েন্স এয়াৰৰ এখন বিমান।

মুম্বাইৰ পৰা এটিআৰ বিমানখন উৰা মৰাৰ পিছতে ইঞ্জিনৰ ওপৰৰ আৱৰণ ৰানৱেত বাগৰি পৰে।

বিমান পাইলটে এই বিষয়ে জানিব পৰাৰ পিছতে বিমানখন উৰিষ্যাৰ ভুজত জৰুৰী অৱতৰণ কৰায়। যাৰ ফলত এক নিশ্চিত দুৰ্ঘটনাৰ পৰা বিমানখন ৰক্ষা পৰে।

P2

বিমানৰ ইঞ্জিনৰ ওপৰৰ আৱৰণ উৰণৰ সময়তে কেনেদৰে খহি পৰিল তাৰ অনুসন্ধান আৰম্ভ কৰিছে অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে।

P5

মুম্বাই বিমানবন্দৰৰ এক সূত্ৰই প্ৰকাশ কৰা মতে, এলায়েন্স এয়াৰে মুম্বাইৰ পৰা ভুজলৈ উৰা মৰাৰ সময়তে এই ঘটনা সংঘটিত হয়। ইঞ্জিনৰ ওপৰৰ আৱৰণ ৰানৱেত বাগৰি পৰাৰ পিছতো বিমানখন তেনেকৈয়ে উৰা মাৰে।

P3

পিছত পাইলটে এই বিষয়ে জানিব পৰাৰ পিছতে দুৰ্ঘটনা সংঘটিত হোৱাৰ পূৰ্বে বিমানখন ভুজত সুৰক্ষিতভাৱে অৱতৰণ কৰায়।

P4

বিমান বিশেষজ্ঞ কেপ্টেইন অমিত সিঙে ঘটনাটোৰ বাবে দুৰ্বল ৰক্ষণাবেক্ষণৰ কামক দোষাৰোপ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *