নিউজ ডেস্ক। বিশ্বকৰ্মা পূজাৰ দিনাই অঘটন।
নগাঁও জিলাৰ ৰহাৰ শৰাগাঁৱত চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।
জানিব পৰামতে, সোণাপুৰৰ পৰা তেজপুৰ অভিমুখে গৈ থকা এএছ ১২এ এ ৩২৯৭ নম্বৰৰ হুণ্ডাই আইৰা বাহনখনে শৰাগাঁৱত নিয়ন্ত্ৰণ হেৰুৱাই উফৰি গৈ ডিভাইডাৰ পাৰ হৈ বিপৰীত দিশৰ পথৰ ওপৰত লুটি খাই পৰে।
বাহনখনৰ আৰোহী আছিল তেজপুৰৰ সনত কুমাৰ বড়ো আৰু তেওঁৰ মাতৃ।

পিছত স্থানীয় লোকে দুয়োজনকে গাড়ীৰ ভিতৰৰ পৰা উদ্ধাৰ কৰে।
দুৰ্ঘটনাটো দেখাত ভয়ংকৰ যদিও সৌভাগ্যক্ৰমে বাহনখনৰ আৰোহী মাতৃ আৰু পুত্ৰৰ কোনো হতাহত নোহোৱাকৈ প্ৰাণ ৰক্ষা পৰে।
লগতে চাওকঃ
ব্যস্ত পথৰ ট্ৰেফিক চিগনেলত হঠাতে নৃত্য মডেলৰ, তাৰ পাছত ঘটিল এই ঘটনা…

সংঘৰ্ষৰ পাছতে চলন্ত বাছৰ তলত সােমাই পৰিল বাইক আৰােহী, তাৰ পাছত ঘটিল এই ঘটনা…










