অসমক দ্বিখণ্ডিত কৰি পৃথক বড়ােলেণ্ড গঠনৰ দাবীৰে নতুন উগ্ৰপন্থী সংগঠনৰ আত্মপ্ৰকাশ

নিউজ ডেস্ক। বড়ােলেণ্ডক পুনৰ অশান্ত কৰাৰ বাবে অভিসন্ধি ৰচনা কৰা হৈছে নেকি?

বিটিআৰত পূৰ্বৰ সকলাে উগ্ৰপন্থী সংগঠনৰ সৈতে কেন্দ্ৰ তথা অসম চৰকাৰে শান্তি চুক্তি স্বাক্ষৰ কৰাৰ পাছতে পুনৰ এটা সশস্ত্ৰ উগ্ৰপন্থী সংগঠন গঠন হােৱাৰ কথাই যেন তাৰেই ইংগিত বহন কৰিছে।

অসমক দ্বি-খণ্ডিত কৰি পৃথক বড়ােলেণ্ড প্ৰতিষ্ঠাৰ দাবীৰে এইবাৰ জন্ম লাভ কৰিলে ইউনাইটেড লিবাৰেছন ফৰ বড়োলেণ্ড (ইউ এল বি) নামৰ এক নতুন সশস্ত্ৰ সংগঠনে।

‘ডিভাইড আছাম ৫০ঃ৫০’ শ্ল’গানেৰে আত্মপ্ৰকাশ কৰা সংগঠনটোৱে সংবাদ মাধ্যমলৈ এক বিবৃতি প্ৰেৰণ কৰে।

ইয়াত কোৱা হৈছে যে পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ উদ্দেশ্যে ইউ এল বি হৈছে এক সশস্ত্ৰ সংগঠন।

বিবৃতিত সংগঠনটোৰ আত্মপ্ৰকাশ কথা ঘোষণা কৰি কোৱা হৈছে যে বড়োসকল বৰ্তমান অসমৰ তথা পূৰ্বৰ প্ৰাগজ্যোতিষপুৰৰ খিলঞ্জীয়া বাসিন্দা।

আন লোকসকলে তেওঁলোকক ভাষা-সংস্কৃতি, ধৰ্ম, সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক, শৈক্ষিক আদি বিভিন্ন খণ্ডত ভাবুকি দি আহিছে।

বড়ো ৰাজ্যৰ সমাপ্তি ঘটাৰ পাছৰে পৰা বড়ো লোকসকলে এক পৃথক গৃহভূমিৰ বাবে সংগ্ৰাম কৰি আহিছে য’ত তেওঁলোকে মুক্ত জীৱন কটাব পাৰে। এইদৰে সংগঠনটোৱে বিবৃতিত কয়।

‘আমি আজি ইউনাইটেড লিবাৰেছন ফ’ৰ বড়োলেণ্ড নামৰ এক নতুন সশস্ত্ৰ বিপ্লৱী গোট গঠন কৰিলো। আমাক বড়োলেণ্ড লাগে, এই ভূমি আমাৰ ভূমি আৰু আমাক সদায়ে প্ৰয়োজন।’ এইদৰে দাবী কৰি লগতে নতুন সংগঠনটোৱে।

ইপিনে, সংগঠনটোৱে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক ভিডিঅ’ বাৰ্তাত কয় যে তেওঁলোক আকৌ জংঘললৈ ঘূৰি যাবলগীয়া হোৱাটো বড়ো জাতিৰ বাবে দুৰ্ভাগ্যজনক।

ৰাজ্যলৈ শান্তি ঘূৰি আহিছে বুলি মুখ্যমন্ত্ৰী তথা বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়োৱে কৰা ঘোষণা নস্যাৎ কৰি নতুনকৈ আত্মপ্ৰকাশ কৰা সমগটনটোৱে ভিডিঅ’ বাৰ্তাত কোৱা হয় যে বড়ো জাতিক সুকীয়া ৰাজ্যৰ মৰ্যাদা দিয়াৰ বিপৰীতে কেন্দ্ৰ-ৰাজ্য চৰকাৰে বিটিআৰ চুক্তি কৰি জাতিটোক প্ৰতাৰণা কৰাৰ বাবে তেওঁলোক জংঘললৈ ঘূৰি যাবলৈ বাধ্য হৈছে।

ভিডিঅ’ বাৰ্তাটোত এজন সদস্যই কয়, ‘বিটিআৰ চুক্তিয়ে প্ৰতিগৰাকী বড়োৰ চকুত চকুলোৰ ঢৌ বোৱাইছে। এইয়া এক প্ৰতাৰণাৰ দলিল। আমি তাক কেতিয়াও গ্ৰহণ নকৰো। আমাক সুকীয়া ৰাজ্য লাগিবই। সুকীয়া বড়ো ৰাজ্য অবিহনে আমাৰ সশস্ত্ৰ সংগ্ৰামৰ কেতিয়াও ওৰ নপৰে।’

সদস্যজনে লগতে কয় যে এনডিএফবিৰ প্ৰতিষ্ঠাপক সশস্ত্ৰ সমগ্ৰামী বি আৰ নাবলাক কাৰাগাৰৰ পৰা মুক্তি নিদি বড়ো জাতিক অন্যায় কৰা হৈছে। তেওঁ কয়, ‘আমাৰ দাবী- নাবলাক অনতি পলমে মুক্তি দিয়ক, অন্যথা অসম তথা সমগ্ৰ বিটিআৰ অঞ্চলত বোমা বিস্ফোৰণ কৰা হ’ব।’

নৱগঠিত সংগঠনটোৱে ভিডিঅ’ বাৰ্তাটোত ‘ডিভাইড অসম ৫০ঃ৫০’ৰ দাবী পুনৰ উত্থাপন কৰি শোণিতপুৰ আৰু ধেমাজি জিলাক বড়োলেণ্ডৰ স’তে চামিল কৰিবলৈ দাবী জনায়।

আত্মপ্ৰকাশৰ দিনাই অসম আৰক্ষীৰ লগতে সামৰিক বাহিনীক সকীয়নি দি ভিডিঅ’ বাৰ্তাটোত কোৱা হয় যে অনাগত দিনত কোনো আৰক্ষী আৰু সামৰিক বাহিনীয়ে যদি সংগঠনটোৰ সদস্যসকলক বিচৰাৰ নামত পৰিয়ালৰ সদস্যক হাৰাশাস্তি বা হত্যা কৰে তেন্তে এজন মৃতকৰ বিপৰীতে ২০জনকৈ লোকক গুলীয়াই তাৰ প্ৰতিশোধ লোৱা হ’ব।

লক্ষ্যণীয়ভাৱে বিবৃতিত সংগঠনৰ কোনো নেতাৰ নাম অথবা পদবীৰ উল্লেখ নাই।

Leave a Comment