বিহাৰত বিজেপিক বিদায়! আজি মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব নীতিশ কুমাৰে…

আজি বিয়লি ৪ বজাত বিহাৰৰ নতুন চৰকাৰৰ শপতগ্রহণ।

মুখ্যমন্ত্রী হিচাপে শপত ল’ব নীতিশ কুমাৰে।

উল্লেখ্য যে, মঙলবাৰে পুৱা জেডিইউৰ বিধায়ক-সাংসদৰ বৈঠকৰ পাছত বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰাৰ কথা ঘোষণা কৰিছিল নীতিশ কুমাৰে।

জনতা দল(ইউনাইটেড)যে এন ডি এৰ লগত থকা মিত্ৰতা ভংগ কৰি পদত্যাগ কৰে। লগতে বিহাৰত নতুন চৰকাৰৰ দাবী জনাই ১৬৪ জন বিধায়কৰ সমৰ্থনৰ এখন চিঠি ৰাজ্যপালক প্ৰদান কৰে জে ডি ইউ নেতা গৰাকীয়ে।

এন ডি এৰ লগত মিত্ৰতা ভংগ কৰিয়েই নীতিশ কুমাৰে আৰ জে ডি, কংগ্ৰেছ সহিত ৭ টা দলৰ লগত মহাগটবন্ধন কৰে।

২০২০ চনত অনুষ্ঠিত হোৱা বিহাৰ বিধান সভা নিৰ্বাচনত জে ডি ইউয়ে ১১৫ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি মাত্ৰ ৪৩ খন আসনত জয় লাভ কৰিছিল। বিজেপিয়ে ৭৪ খন আসনত জয় লাভ কৰাৰ পাছতো নীতিশ কুমাৰক এৰি দিব লগা হৈছিল মুখ্যমন্ত্ৰী হিচাপে।

সেই নীতিশ কুমাৰেই বিজেপিৰ সংগ এৰি কংগ্ৰেছ, আৰ জে ডি সহ আন বিৰোধী দলৰ লগত মিত্ৰতা কৰি চৰকাৰ গঠনৰ বাবে আগবাঢ়িছে।

বুধবাৰে নীতিশ কুমাৰে অষ্টমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব।

নীতিশ কুমাৰৰ সৈতে শপত ল’ব তেজস্বী যাদৱেও।

উল্লেখ্য যে, বিহাৰ বিধান সভাত মুঠ আসনৰ সংখ্যা ২৪৩। গতিকে চৰকাৰ গঠন কৰিবলৈ প্ৰয়োজন হয় ১২২ খন আসন। এই সময়ত নীতিশ কুমাৰৰ সমৰ্থনত আছে প্ৰায় ১৬৪ গৰাকী বিধায়ক।