ভয়ংকৰ ঘটনা! চলন্ত বিমানত হঠাৎ লাগিল জুই, টেক অফৰ সময়তে জ্বলি উঠিল ইণ্ডিগ’ বিমানৰ ইঞ্জিন…

এক ভয়ংকৰ বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰি ইণ্ডিগোৰ এখন বিমান।

টেক অফৰ সময়তে জ্বলি উঠিল এখন ইণ্ডিগ’ বিমানৰ ইঞ্জিন।

দিল্লীৰ পৰা বাংগালুৰুলৈ যাব লগা ইণ্ডিগোৰ এখন বিমান উৰণৰ বাবে সাজু হওঁতেই ইঞ্জিনত জুই লাগে।

তথ্য অনুসৰি ইণ্ডিগোৰ উৰণ সংখ্যা 6E-2131 যি দিল্লীৰ পৰা বাংগালুৰুলৈ উৰিবলৈ সাজু হৈ থকাৰ সময়তে বিমানখনৰ ইঞ্জিনত জুই লগাৰ বাবে উৰাজাহাজখন দিল্লী বিমানবন্দৰতে ৰখাই দিয়া হয়।

এই ঘটনাত বৰ্তমানলৈ কোনো লোক হতাহত হোৱা খবৰ পোহৰলৈ অহা নাই।

ইপিনে জুই লগাৰ এই ভয়ংকৰ দৃশ্য বন্দী হয় যাত্ৰীৰ মোবাই কেমেৰাত।

image 236
ভয়ংকৰ ঘটনা! চলন্ত বিমানত হঠাৎ লাগিল জুই, টেক অফৰ সময়তে জ্বলি উঠিল ইণ্ডিগ’ বিমানৰ ইঞ্জিন... 2

তথ্য অনুসৰি বিমানখনত ১৮৪ জন লোক আছিল। ইয়াৰে ১৭৭ গৰাকী যাত্ৰী আৰু ৭জন ক্ৰু মেম্বাৰ আছিল।

সকলোকে সুৰক্ষিতভাৱে বিমানখনৰ পৰা উলিয়াই অনা হয়।

এই ঘটনা ৰাতি প্ৰায় ৯ বাজি ৪৫ মিনিটত সংঘটিত হয় যাৰ পিছত দিল্লী বিমানবন্দৰত সকলোকে এলাৰ্ট কৰি দিয়া হয়।

ইতিমধ্যে অসামৰিক বিমান পৰিবহন মন্ত্ৰীয়ে ডিজিচিএ বিষয়াক বিষয়টোৰ তদন্ত আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে।