ভাৰতত অ’মিক্ৰণত আক্ৰান্ত হৈছে ৩ বছৰীয়া এটি শিশু…

ভাৰতত ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰ’ণাৰ নতুন ভেৰিয়েণ্ট অ’মিক্ৰণে।

ভাৰতত অমিক্ৰ’ণত আক্ৰান্তৰ সংখ্যা ৩২ জনলৈ বৃদ্ধি পাইছে।

শেহতীয়াকৈ মহাৰাষ্ট্ৰত ৩গৰাকীৰ দেহত পুনৰ অমিক্ৰ’ণৰ সংক্ৰমণ ধৰা পৰিছে।

বৰ্তমানলৈ ৰাজ্যখনত অ’মিক্ৰণত আক্ৰান্তৰ সংখ্যা ১৭লৈ বৃদ্ধি পাইছে।

ইয়াৰ মাজত এগৰাকী ৩ বছৰীয়া শিশুৰ দেহতো ধৰা পৰিছে অ’মিক্ৰণৰ উপস্থিতি।

পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰত দুটা দিনৰ বাবে ১৪৪ধাৰা জাৰি কৰা হৈছে।

১১ আৰু ১২ ডিচেম্বৰত কোনো সভা অনুষ্ঠি্ত কৰিব নোৱাৰিব মহাৰাষ্ট্ৰত।

মহাৰাষ্ট্ৰ প্ৰশাসনে এই ক্ষেত্ৰত অধিক কঠোৰ হোৱাৰ কথা ঘোষণা কৰিছে।

উল্লেখ্য যে, মহাৰাষ্ট্ৰত নতুনকৈ ধৰা পৰা আটাইকেইগৰাকী ৰোগীয়ে কোৰোনাৰ দুয়ো পালি ভেকচিন লৈছিল।

Leave a Comment