কিংবদন্তি ফুটবলাৰ মাৰাডােনাৰ ১২ লাখ টকীয়া ঘড়ী চুৰি কৰি গ্ৰেপ্তাৰ শিৱসাগৰৰ ৱাজিদ হুছেইন

নিউজ ডেস্ক। এটা চুৰিকাণ্ডৰ বাবে যেন লজ্জানত হ’ল অসম তথা ভাৰতবাসী।

কিংবদন্তি ফুটবলাৰ প্ৰয়াত ডিয়াগ’ মাৰাডােনাই স্বাক্ষৰ কৰা ব্যয়বহুল ঘড়ী চুৰি কৰি গ্ৰেপ্তাৰ হ’ল অসমৰ এজন লােক।

ডুবাই আৰক্ষীৰ সহযােগত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শিৱসাগৰৰ ৱাজিদ হুছেইনক।

FFs5dwf-WQAQRk-ZD

জানিব পৰা মতে, বিলাসী হাবলট ঘড়ীটোৰ মূল্য প্ৰায় ১২ লাখ টকা।

এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি কয় যে অসম আৰক্ষীয়ে ডুবাই আৰক্ষীৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সহযােগিতাৰে ঐতিহ্য বহনকাৰী ঘড়ী জব্দ কৰিছে, লগতে গ্ৰেপ্তাৰ কৰিছে ৱাজিদ হুছেইনক।

অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যােতি মহন্তই টুইট কৰি এই কথা নিশ্চিত কৰিছে।

উল্লেখ্য যে যােৱা বছৰৰ ২੦ নৱেম্বৰত আৰ্জেন্টিনাৰ এইগৰাকী কিংবদন্তি ফুটবলাৰজনৰ মৃত্যু ঘটিছিল।

মাৰাডােনাই স্বাক্ষৰ কৰা হাবলট কােম্পানীৰ বিলাসী ঘড়ী সংৰক্ষণ কৰা ডুবাইৰ এটা প্ৰতিষ্ঠানত কৰ্মৰত আছিল অসমৰ শিৱসাগৰৰ বাসিন্দা ৱাজিত হুছেইন।

কিন্তু সেই ব্যয়বহুল ঘড়ী চুৰি কৰি ৱাজেদে যােৱা আগষ্ট মাহত অসমলৈ আহি আত্মগােপন কৰিছিল।

লগতে চাওকঃ

কাৰাগাৰৰ পৰা পলায়ন, শহুৰেকৰ ঘৰৰ পৰা পুনৰ আটক

Leave a Comment