‘ভয়ংকৰ সপোন দেখো!’ মন্দিৰৰ পৰা চুৰি কৰা অষ্টধাতুৰ মূৰ্তি উভতাই দি গ’ল চোৰে

নিউজ ডেস্কঃ জনবিশ্বাস অনুসৰি, মন্দিৰৰ কোনো সম্পদ চুৰি কৰিব নাপায়।

মন্দিৰৰ বস্তু চুৰি কৰিলে, অপবিত্ৰ হৈ প্ৰৱেশ কৰিলে ভগৱানৰ ৰোষত পৰিবলগীয়া হয়। ৰাতি ৰাতি বেয়া সপোন দেখুৱায় ভগৱানে। তাৰ পিছত শুদ্ধি নকৰা পৰ্যন্ত নিস্তাৰ নাথাকে।

সেয়াই যেন হ’ল কেইজনমান চোৰৰ লগতো। মন্দিৰৰ পৰা অষ্টধাতুৰ মূৰ্তি চুৰি কৰাৰ পিছত ৰাতি বেয়া সপোন দেখিবলৈ আৰম্ভ কৰে চোৰ কেইটাই। যাৰ বাবে অৱশেষত চুৰি কৰা মূৰ্তিসমূহ সুৰক্ষিতভাৱে মন্দিৰৰ চৌহদত এৰি থৈ পাপৰ প্ৰায়শ্চিত্ত কৰিবলগীয়া হয় চোৰে।

photo1652859791
'ভয়ংকৰ সপোন দেখো!’ মন্দিৰৰ পৰা চুৰি কৰা অষ্টধাতুৰ মূৰ্তি উভতাই দি গ’ল চোৰে 4

এই ঘটনা উত্তৰ প্ৰদেশৰ চিত্ৰকূটৰ তাৰাউনৰ বালাজী মন্দিৰত সংঘটিত হৈছে।

কিছু দিন পূৰ্বে চুৰি কৰা কেইবা কোটি টকা মূল্যৰ মূৰ্তি কেইটা এসপ্তাহৰ পিছত উভতাই দি পুৰোহিতলৈ এখন পত্ৰ লিখিছে চোৰে। য’ত নিজৰ ভুল স্বীকাৰ কৰাৰ লগতে কৈছে ৰাতি ভয়ংকৰ সপোন দেখাৰ কথা।

photo1652859847
'ভয়ংকৰ সপোন দেখো!’ মন্দিৰৰ পৰা চুৰি কৰা অষ্টধাতুৰ মূৰ্তি উভতাই দি গ’ল চোৰে 5

চোৰে পুৰোহিতৰ বাবে এৰি যোৱা পত্ৰখনত লিখিছে- ‘মূৰ্তিসমূহ চুৰি কৰাৰ পিছত ৰাতি ৰাতি ভয়ংকৰ সপোন দেখিছো। যথেষ্ট লোকচানৰো সন্মুখীন হ’বলগা হৈছে। গতিকে মূৰ্তিবোৰ নিজৰ ওচৰত ৰাখিবলৈ সাহস কৰা নাই। সেয়ে সপোনত দেখা অনুসৰি আপোনাৰ ঘৰৰ ঠিকনা উলিয়াই মূৰ্তিসমূহ উভতাই দিছো। মূৰ্তিসমূহ প্ৰতিষ্ঠা কৰিব।’

photo1652859862
'ভয়ংকৰ সপোন দেখো!’ মন্দিৰৰ পৰা চুৰি কৰা অষ্টধাতুৰ মূৰ্তি উভতাই দি গ’ল চোৰে 6

দৰাচলতে কিছুদিন পূৰ্বে চোৰে বালাজী মন্দিৰৰ পৰা ১৬টা অষ্টধাতুৰ মূৰ্তি চুৰি কৰিছিল।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰখাৰ সময়তে দেওবাৰে পুৱা মন্দিৰৰ পুৰোহিত মহন্ত ৰামপালক দাসে তেওঁৰ ঘৰৰ দুৱাৰমুখত প্ৰত্যক্ষ কৰে এটা বস্তা। তেওঁ বস্তাটো খুলি চাই অষ্টধাতুৰ মূৰ্তিৰ লগতে এখন চিঠি দেখা পায়।

এই চিঠিতেই চোৰে নিশাৰ দুঃস্বপ্নৰ কথা স্বীকাৰ কৰিছে। অৱশ্যে আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বস্তাটোৰ ভিতৰৰ পৰা ১৪টা মূৰ্তিহে উদ্ধাৰ কৰা হৈছে।

বাকী দুটা মূৰ্তি ক’ত আছে, সেই সন্দৰ্ভত এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীয়ে দুয়োটা মহামূল্যবান মূৰ্তিৰ সন্ধানত অনুসন্ধানত অব্যাহত ৰাখিছে।

Leave a Comment