ভ্ৰাম্যমান থিয়েটাৰৰ বাবে SOP প্ৰকাশ…

ক’ভিড অতিমাৰীৰ বাবে অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ ক্ষেত্ৰখনেও যথেষ্ট প্ৰতিকূল পৰিস্থিতিৰে মুখামুখি হ’ব লগাত পৰিল।

ক’ভিড পৰিস্থিতি বহুখিনি উন্নীত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে ভ্ৰাম্যমান থিয়েটাৰৰ চৰ্তসাপেক্ষ প্ৰদৰ্শনত অনুমতি দিয়াৰ সিদ্ধান্ত লৈছে।

আজিৰে পৰাই কাৰ্যকৰী হোৱাকৈ ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰদৰ্শন সন্দৰ্ভত এখন ‘মানক সঞ্চালন প্ৰক্ৰিয়া’ (এছঅ’পি) জাৰি কৰা হৈছে।

ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই দেৰগাঁৱত এখন সংবাদমেল সম্বোধন কৰি ভ্ৰাম্যমান থিয়েটাৰৰ বাবে এছ অ’ পি ঘোষণা কৰে।

ৰাজ্য চৰকাৰে বান্ধি দিয়া নীতি-নিয়ম সমূহ হ’ল-

প্ৰতিগৰাকী শিল্পী কলা-কুশলী আৰু আয়োজক সমিতিৰ প্ৰতিজন সদস্যই ল’ব লাগিব ক’ভিডৰ দুয়োপালি প্ৰতিষেধক।

প্ৰশাসনৰ ওচৰত প্ৰতিষেধক লোৱাৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব।

কণ্টেইনমেণ্ট জ’ন বা অধিক সংক্ৰমণ হোৱা ঠাইত ভ্ৰাম্যমান নাট প্ৰদৰ্শনীৰ অনুমতি দিয়া নহ’ব।

প্ৰেক্ষাগৃহত সামাজিক দূৰত্ব বৰ্তাই ৰাখি আসনৰ ব্যৱস্থা কৰিব লাগিব।

প্ৰৱেশ পথত ৰাখিব লাগিব হেণ্ড ছেনিটাইজাৰ।

প্ৰতিজন দৰ্শকে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।

মাস্ক নিপিন্ধাকৈ অহা দৰ্শকৰ বাবে প্ৰেক্ষাগৃহৰ প্ৰৱেশ পথত মাস্ক যোগান ধৰিব লাগিব।

নাট্য প্ৰদৰ্শনী সান্ধ্য আইনৰ আগতে সমাপ্ত কৰিব লাগিব।

যদি ক’ভিড সংক্ৰমণ ব্যাপক হয় বা ইয়াতকৈ পৰিস্থিতি ভাল হয় তেনেহ’লে নীতি-নিৰ্দেশনা সলনি কৰা হ’ব।

ক’ভিড প্ৰতিষেধক গ্ৰহণ আৰু ক’ভিডৰ নিয়মাৱলী সন্দৰ্ভত দৰ্শকক আয়োজক সমিতিয়ে সজাগ কৰিব লাগিব।

Leave a Comment