অসম

বিধায়ক পুঁজিৰ ধন আত্মসাতৰ অভিযোগত বিধায়ক শ্বেৰমান আলিক পুনৰ গ্ৰেপ্তাৰ…

পুনৰ গ্ৰেপ্তাৰ কৰা হ’ল বিতৰ্কিত বিধায়ক শ্বেৰমান আলী আহমেদক।

মূখ্যমন্ত্ৰী বিশেষ তদাৰকি কোষে গ্ৰেপ্তাৰ কৰে শ্বেৰমান আলীক।

বিধায়ক পুঁজিৰ ধন আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে বিধায়কজনক।

গ্ৰেপ্তাৰৰ পাছতে বিশেষ আদালতত হাজিৰ কৰোৱা হৈছে বিধায়কজনক।

ইপিনে সাংবাদিকৰ আগত শ্বেৰমান আলীয়ে কয়- সাৰদা, লুই বাৰ্জাৰত অভিযুক্ত হিমন্তবিশ্ব শৰ্মাৰ অধিকাৰ নাই মোক মূখ্যমন্ত্ৰী বিশেষ তদাৰকি কোষৰ দ্বাৰা তদন্ত কৰাৰ।

উল্লেখ্য যে, শ্বহীদক লৈ বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ হৈছিল বিধায়ক শ্বেৰমান আলী আহমেদ।

Leave a Reply

Your email address will not be published. Required fields are marked *