অসমঅসমীয়া

ভুৱা পাছপ’ৰ্ট, ড্ৰাইভিং লাইচেন্স, আধাৰ কাৰ্ড প্ৰস্তুত কৰা চক্ৰ উৎখাত আৰক্ষীৰ…

নিউজ ডেস্ক। অপৰাধী চক্ৰৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ তীব্ৰ অভিযান।

এইবাৰ আৰক্ষীৰ অভিযানত উৎখাত হ’ল ভুৱা পাছপ’ৰ্ট, লাইচেন্স আৰু আধাৰ কাৰ্ড প্ৰস্তুত কৰা বৃহৎ চক্ৰ।

অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যােতি মহন্তই টুইট কৰি প্ৰকাশ কৰা অনুসৰি, হোজাই আৰক্ষীয়ে মোৰাঝাৰ আৰু নীল বাগানত অভিযান চলাই ভুৱা নথি প্ৰস্তুত কৰা এক বৃহৎ চক্র উৎখাত কৰে।

FRheWGEVkAAF3ck

এই অভিযানত ব্যয়বহুল মেচিন আৰু বহু ভুৱা পাছপ’ৰ্ট, ড্ৰাইভিং লাইচেন্স আৰু আধাৰ কাৰ্ডসহ তিনিজনক গ্ৰেপ্তাৰ কৰে।

ধৃত এই চক্ৰৰ সদস্যকেইটা হ’ল ক্ৰমে জাকাৰীয়া আহমেদ, আব্দুল আহমেদ আৰু ফাৰুক আহমেদ।

FRheVgqVEAAvcnw

আৰক্ষীয়ে ধৃতকেইজনৰ জিম্মাৰ পৰা তিনিখন চাৰ্চিকীয়া বাহন, তিনিখন মটৰচাইকেল, নাগালেও অসম আৰু মহাৰাষ্ট্ৰৰ ১৭খন ভুৱা গাড়ী পঞ্জীয়নৰ পত্ৰ, ৯৯খন ভুৱা আধাৰ কার্ড, এখন চিপ থকা কার্ড, ৯৩খন খালী কাৰ্ড, দুটা প্ৰিণ্টাৰ, তিনিখন পাছপৰ্ট, ৮টা বিভিন্ন বিভাগৰ ভুৱা ৰবৰ ষ্টাম্প আৰু নগদ ধন জব্দ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *