অসম

পুনৰ মাধমাৰ! পহিলা মে’ৰ দিনটোতে ১০৪ টকা বৃদ্ধি পালে চিলিণ্ডাৰৰ মূল্য…

পুনৰ সাধাৰণ জনতাৰ মূৰত ৰামটাঙোন।

পেট্ৰ’ল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ পাছত এইবাৰ পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য।

পহিলা মে’ৰ দিনটোতে ১০৪ টকা বৃদ্ধি পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য।

দেশৰ সৰ্ববৃহত অইল মাৰ্কেটিং কোম্পানী ইণ্ডিয়ান অইলে আজিৰ পৰা প্ৰতিটো বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ১০৪ টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে।

ৰাজধানী দিল্লীত আজিৰ দিনটোত ১৯ কিলোগ্ৰাম বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হৈছে ২,৩৫৫ টকা।

উল্লেখ্য যে, চলিত বৰ্ষৰে এপ্ৰিল মাহৰ প্ৰথম দিনটোত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ২৬৮.৫০ টকা বৃদ্ধি পাইছিল।

আনহাতে, ধাৰাবাহিকভাৱে বৃদ্ধি পাই আছে পেট্ৰ’ল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য।

Leave a Reply

Your email address will not be published. Required fields are marked *