অসমঅসমীয়া

মৰ্মান্তিক! ভাগি পৰা গছৰ ডালৰ আঘাতত গৰ্ভৱৰ্তী মহিলাৰ মৃত্যু

নিউজ ডেস্ক। ৰাজ্যত অব্যাহত আছে ধুমুহাৰ তাণ্ডৱ। ইতিমধ্যে প্ৰবল ধুমুহাৰ ফলত বহু লােকৰ ঘৰ-দুৱাৰৰ বিস্তৰ ক্ষতি সাধন হৈছে, প্ৰাণ হেৰুৱাইছে বহু লােকে। মৃত্যু ঘটিছে বহু সংখ্যক পশুধনৰ।ৱ

ইয়াৰ মাজতে যােৰহাট জিলাৰ তিতাবৰত সংঘটিত হ’ল এক শােকাৱহ ঘটনা।

প্ৰচণ্ড ধুমুহাৰ মাজতে নিজ কর্মস্থলীৰ পৰা ঘৰলৈ ওভতাৰ পথত গছৰ ডালৰ আঘাতত মৃত্যু ঘটে এগৰাকী গৰ্ভৱতী মহিলা চাহ শ্ৰমিকৰ।

p1

অনামিকা ভূঞা (২৮)

জানিব পৰা মতে, ডফলাটিং চাহ বাগিচাৰ তিনি নং লাইনৰ বিতুল ভূঞাৰ পত্নী অনামিকা ভূঞাই সন্ধিয়া ডফলাটিং চাহ বাগিচাৰ কৰ্মস্থলীৰ পৰা আহি থাকোতে প্রচণ্ড ধুমুহাত গছৰ ডাল ভাগি তেওঁৰ মূৰত পৰে।

স্থানীয় লোকে মহিলাগৰাকীক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়ে যদিও পথতে মহিলাগৰাকীৰ মৃত্যু ঘটে।

গৰ্ভৱতী মহিলাগৰাকীৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *