ভাৰত-বাংলাদেশ সীমান্তত NLFT উগ্ৰপন্থীৰ ভয়াৱহ আক্ৰমণ, শ্বহীদ BSF ৰ বিষয়া- জােৱান

নিউজ ডেস্ক। অসমৰ প্ৰতিবেশী ৰাজ্য ত্ৰিপুৰাত যেন পুনৰ সক্ৰিয় হৈ পৰিছে নিষিদ্ধ ঘােষিত উগ্ৰপন্থী সংগঠন নেচনেল লিবাৰেচন ফ্ৰন্ট অব্ ত্ৰিপুৰা চমুকৈ NLFT ।

বহু বছৰ ধৰি নিষ্ক্ৰিয় হৈ থকা সংগঠনটো হঠাৎ ৰাজ্যখনৰ ভাৰত-বাংলাদেশ সীমান্তৰ কূটাঘাত সংঘটিত কৰে।

সীমান্তত কৰ্তব্যৰত অৱস্থাত সীমান্ত সুৰক্ষা বাহিনী চমুকৈ BSF ৰ এজন উপ-পৰিদৰ্শন আৰু এজন জােৱানক গুলীয়াই হত্যা কৰে উগ্ৰপন্থী সংগঠনটােৱে।

জানিব পৰা মতে, ত্ৰিপুৰা-মিজোৰাম আৰু ত্ৰিপুৰা-বাংলাদেশ সীমান্তৰ ট্ৰাই জংচনৰ আকৃতিৰ এই স্থানত বাংলাদেশ সীমান্তৰ ফালৰ পৰা উগ্ৰপন্থীয়ে মংগলবাৰে পুৱা ৬.৩০ বজাত পহৰাৰত BSF ৰ জােৱানৰ দায়িত্ব সলনি হোৱাৰ সময়ত এই ঘটনা সংঘটিত কৰে।

এই গুলীচালনাত গুলীবিদ্ধ হৈ ঘটনাস্থলীত দুয়োজনৰে মৃত্যু হয়।

শ্বহীদ দুজন হৈছে BSF ৰ উপ-পৰিদৰ্শক ভুৰু সিং, আনজন কনিষ্টবল ৰাজ কুমাৰ।

এই আক্ৰমণৰ পাছতে উগ্ৰপন্থী দলটোৱে বি এছ এফৰ লোক দুজনৰ অস্ত্ৰ দুটা লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় ত্ৰিপুৰা ফ্ৰণ্টিয়াৰৰ আই জি এছ কে নাথ।

শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে সীমান্ত সুৰক্ষা বাহিনীৰ সঞ্চালক প্ৰধানে।

আক্ৰমণকাৰী উগ্ৰপন্থীৰ দলৰ সন্ধানত বি এছ এফ আৰু আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে।

Leave a Comment