ৰাষ্ট্ৰীয়অসমীয়া

ভাৰত-বাংলাদেশ সীমান্তত ২.৪২ কোটি টকা মূল্যৰ সোণৰ বিস্কুট জব্দ বিএছএফৰ…

নিউজ ডেস্ক। ভাৰত-বাংলাদেশ সীমান্তত পুনৰ জব্দ হ’ল বৃহৎ পৰিমাণৰ চােৰাং সােণৰ বিস্কুট।

সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বিএছএফৰ অভিযানত জব্দ হ’ল ২.৪২ কােটি টকা মূল্যৰ ৪੦ টা সােণৰ বিস্কুট।

সীমান্ত সুৰক্ষা বাহিনীয়ে প্ৰকাশ কৰা অনুসৰি, বুধবাৰে মুঠ ৪.৬ কিলোগ্ৰাম ওজনৰ ৪০ টা সোণৰ বিস্কুট জব্দ কৰা হৈছে৷

FOB8ktAaUAEe oe

বিএছএফৰ দক্ষিণ বংগ সীমান্তৰ জোৱানসকলে এই বৃহৎ পৰিমাণৰ সোণ উদ্ধাৰ কৰে।

জব্দ কৰা সোণৰ বিস্কুটবোৰ বাংলাদেশৰ পৰা ভাৰতৰ উত্তৰ ২৪ পৰগণা জিলাৰ ইচামতী নদীৰ পাৰত চোৰাং ব্যৱসায়ীসকলে বাংলাদেশৰ পৰা চোৰাংকৈ সোণ সৰবৰাহৰ অপচেষ্টা কৰিছিল।

FODV1vWVUAAKCh8

সেই সময়ত বিএছএফ জোৱানসকলে অভিযান চলাই সোণৰ বিস্কুট সমূহ উদ্ধাৰ কৰে।

বিএছএফৰ বিবৃতি অনুসৰি জব্দ কৰা সোণৰ বিস্কুটসমূহৰ মুঠ ওজন ৪.৬ কিলোগ্ৰাম যাৰ আনুমানিক মূল্য হৈছে ২ কোটি ৪২ লাখ টকা।

জব্দ কৰা সোণৰ বিস্কুটবোৰ আইনী প্ৰক্ৰিয়াৰ বাবে পেট্ৰাপোল কাষ্টম কাৰ্যালয়লৈ হস্তান্তৰ কৰা হৈছে।

দক্ষিণ বংগ সীমান্ত জনসম্পৰ্কৰক্ষী বিষয়া ডিআইজি সুৰজিৎ সিং গুলেৰিয়াই কয় যে ভাৰত বাংলাদেশ সীমান্তত চলি থকা চোৰাং কাৰবাৰ বন্ধ কৰিবলৈ কঠোৰ ব‍্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু জোৱান সকলক প্ৰয়ােজনীয় প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *