fbpx
ৰাশিফলঅসমীয়া

চাওক আপােনাৰ দৈনিক ৰাশিফল (Horoscope)

দৈনিক ৰাশিফল (Horoscope): ১৮ মাৰ্চ, শুকুৰবাৰ

মেষ ৰাশি- কোনো আধৰুৱা কাম আজি সম্পূৰ্ণ কৰিবলৈ সক্ষম হব। পাৰিবাৰিক দায়িত্ব আজি বৃদ্ধি পাব। অৰ্থনৈতিক পৰিস্থিতি উন্নত হব। পৰিয়ালত সদ্ভাৱ বৃদ্ধি পাব আৰু সন্ধিয়ালৈ কিছু আনন্দৰ মুহূৰ্ত একেলগে পাৰ কৰাৰ সুযোগ পাব। ব্যৱসায়ী সকলৰ বাবে দিনটো শুভ। অসামাজিক কাৰ্যকলাপৰ পৰা আজি আঁতৰি থাকক। কাৰোবাৰ সৈতে বিবাদৰ পৰিস্থিতি সৃষ্টি হ’ব পাৰে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

বৃষ ৰাশি- আপুনি পৰিয়ালৰ সহযোগিতাৰ পৰা লাভান্বিত হ’ব পাৰে। মন প্ৰফুল্লিত হৈ থাকিব। ঘৰত কোনো মাংগলিক অনুষ্ঠান সম্পন্ন হব পাৰে। ব্যৱসায়ত নতুন বিনিয়োগে আপোনাক ভৱিষ্যতৰ বাবে লাভাৱাম্বিত কৰিব। উপাৰ্জন বৃদ্ধি হব যদিও অধিক ব্যয়ে আজি আপোনাক আৰ্থিক সমস্যাত পেলাব পাৰে। শিক্ষাৰ্থীসকলৰ বাবে দিনটো অতি শুভ। চাকৰিয়াল সকলৰ আজি কামৰ বোজা হ্ৰাস পাব।

মিথুন ৰাশি- অৰ্থিক সমস্যাৰ সৃষ্টি হব পাৰে। জেপত ধন নথকাৰ ফলত মানসিকভাৱেও আজি আপুনি চাপ অনুভৱ কৰিব পাৰে। শত্ৰুৰ পৰা সাৱধান হৈ থাকক। ব্যৱসায়ত আজি লোকচানৰ সন্মুখীন হব পাৰে। আপুনি পৰিয়ালৰ প্ৰত্যাশা পূৰণ কৰিবলৈ সক্ষম হব। মাতৃৰ স্বাস্থ্যৰ যতন লওক। ব্যয় বৃদ্ধি পাব।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

কৰ্কট ৰাশি- আজি আপোনাৰ দায়িত্ব বৃদ্ধি পাব। ঘৰলৈ অতিথিৰ আগমণ ঘটিব পাৰে। আপোনাৰ জৰুৰী কোনো কাম আজি আধৰুৱা হৈ পৰিব পাৰে। আপোনাৰ সামাজিক সন্মান বৃদ্ধি হ’ব। হঠাৎ এজন পুৰণি বন্ধুৰ সৈতে আপোনাৰ সক্ষাৎ হব পাৰে। ব্যৱসায় সম্প্ৰসাৰণৰ বাবে নতুন পৰিকল্পনা গ্ৰহণ কৰিব পাৰে। দাম্পত্য জীৱনত কিছু সংঘাত ঘটিব পাৰে।

সিংহ ৰাশি- আপুনি কিছুমান গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিব। যদি দূৰ ভ্ৰমণৰ চিন্তা কৰি আছে, তেন্তে আজি সেয়া পৰিহাৰ কৰক। সামাজিক স্থানত আজি আপোনাৰ সন্মান বৃদ্ধি পাব। ধৰ্মীয় কাৰ্যত ব্যয় বৃদ্ধি পাব পাৰে। উপাৰ্জন বৃদ্ধি পাব। সুস্বাদু খাদ্যৰ প্ৰতি প্ৰৱণতা বৃদ্ধি পাব পাৰে।

কন্যা ৰাশি- আজি আপুনি কোনো নতুন কামত জড়িত হ’ব পাৰে। চাকৰিয়ালসকলে বিষয়াৰ পৰা সহযোগিতা লাভ কৰিব। সন্তানৰ পৰা কিছু সুখৰ খবৰ লাভ কৰিব পাৰে। ব্যৱসায়ী সকলে যাত্ৰা কৰিবলগা হব পাৰে। পৈত্তৃক সম্পত্তিৰ পৰা উপাৰ্জনৰ বাট প্ৰশস্ত হব। সময় অপচয় নকৰি সঠিকভাৱে ব্যৱহাৰ কৰিলে আজি আপোনাৰ আৰ্থিক সমস্যা দূৰ হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ যতন লওক। পৰিয়ালৰ সৈতে সদ্ভাৱ বৃদ্ধি পাব।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

তুলা ৰাশি- কাৰোবাৰ কথাত আপোনাৰ মন বিচলিত হ’ব পাৰে। শত্ৰুসকলে আপোনাৰ বিৰুদ্ধে কিছুমান ভুল কাম কৰিব পাৰে। ঘৰুৱা ব্যয় বৃদ্ধিৰ ফলত আপোনাৰ মাহিলী বাজেট প্ৰভাৱিত হ’ব। ব্যৱসায়িক সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে আপুনি আপোনাৰ বিশ্বাসযোগ্য বন্ধুৰ সৈতে আলোচনা কৰিব পাৰে। মন আধ্যাত্মিকতাৰ প্ৰতি ঢাল খাব।

বৃশ্চিক ৰাশি- ৰাজনীতিৰ সৈতে জড়িত সকলৰ বাবে আজিৰ দিনটো শুভ। চাকৰিত পদোন্নতিৰ যোগ আছে। পৰিয়ালত সদ্ভাৱ বৃদ্ধি পাব। ঘৰত কোনো ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত হব পাৰে। অবিবাহিত সকলে আজি বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। মিতভাষী হওক। অত্যাধিক খং পৰিহাৰ কৰি চলিলে সুফল পাব। পুৰণি ধন ঘূৰাই পাব পাৰে।

ধনু ৰাশি- আজি ভাগ্যই আপোনাৰ সংগ দিব। বাহিৰত খাদ্য গ্ৰহণ কৰাৰ পৰা বিৰত থাকক, অন্যথা পেটৰ ৰোগত আক্ৰান্ত হব পাৰে। কোনো আধৰুৱা কাম আজি সম্পূৰ্ণ হৈ উঠিব পাৰে, যাৰ বাবে আপুনি আৰ্থিক ভাৱেও লাভাৱাম্বিত হব। পিতৃৰ সৈতে সাধাৰণ মতানৈক্য ঘটিব পাৰে। মাতৃৰ পৰা সহযোগিতা লাভ কৰিব। পত্নীৰ স্বাস্থ্যৰ যতন লওঁক। আজি আপুনি আলহীৰ ঘৰলৈ যাব পাৰে।

মকৰ ৰাশি- আত্মবিশ্বাস বৃদ্ধি পাব। খং পৰিহাৰ কৰি চলক। বন্ধুৰ সৈতে কোনো কাৰণত উত্তেজনাৰ পৰিস্থিতিৰ সৃষ্টি হব পাৰে। আপোনাৰ আচৰণে আজি প্ৰিয়জনৰ মনত আঘাত দিব পাৰে, সেয়ে সাৱধান হওক। ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ। চাকৰিয়াল সকলে ভ্ৰমণ কৰিব লাগিব পাৰে। সাৱধানে ব্যয় কৰক।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

কুম্ভ ৰাশি- স্বাস্থ্য ভাল হ’ব। কিছুমান কামত বাধা থাকিব পাৰে। ধনৰ সমস্যা আজি দূৰ হব পাৰে। আপুনি স্থগিত হৈ থকা কামটো সম্পূৰ্ণ কৰিবলৈ সক্ষম হ’ব। আপুনি মানসিক চাপৰ পৰা পৰিত্ৰাণ পাব। ঘৰৰ পৰা দূৰৈত থকা সকলে আজি আত্মীয়ৰ সাক্ষাৎ লাভ কৰিব পাৰে। অজ্ঞাত লোকৰ পৰা সাৱধান হওক। মিঠা খাদ্যৰ প্ৰতি প্ৰৱণতা বৃদ্ধি পাব পাৰে।

মীন ৰাশি- আজি আপুনি গ্ৰহণ কৰা কোনো সিদ্ধাই ভৱিষ্যতৰ বাবে লাভজনক প্ৰমাণিত হব। পিতৃ-মাতৃৰ সৈতে কোনো গুৰুত্বপূৰ্ণ বিষয় সম্পৰ্কে আলোচনা কৰিব পাৰে। দীৰ্ঘদিন ধৰি চলি থকা আইনী প্ৰক্ৰিয়াৰ আজি নিষ্পত্তি হব। পত্নীৰ স্বাস্থ্যৰ যতন লওক। বৌদ্ধিক কামৰ সৈতে জড়িত সকলে আজি বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হব। ব্যৱসায়ী সকলৰ বাবেও দিনটো শুভ।

Related Articles

Leave a Reply

Back to top button