ভাৰতৰ আকাশত ইৰাণৰ বিমানত বোমাতংক…

ভাৰতৰ আকাশত ইৰাণৰ বিমানত বোমাতংক।

তেহৰাণৰ পৰা চীনলৈ উৰা মাৰিছিল ডাব্লিউ-518 বিমানখন।

জানিব পৰা মতে বিমানখনত বোমাৰ উপস্থিতি ধৰা পৰিছে।

যাৰ বাবে ভাৰতৰ দিল্লী অথবা জয়পুৰত বিমানখন অৱতৰণৰ অনুমতি বিচাৰিছিল যদিও ভাৰত চৰকাৰে বিমানখনক সেই অনুমতি প্ৰদান কৰা নাই।

সূত্ৰ অনুসৰি দিল্লীৰ নিৰাপত্তা সংস্থাসমূহে বিমানখনক দিল্লীত অৱতৰণৰ অনুমতি দিয়াৰ পৰা বিৰত থাকে।

যাৰ পৰিপে৭িতত বিমানখনে চীন অভিমুখে গতি কৰিছে বুলি জানিব পৰা গৈছে।

আনহাতে বিমানখনৰ গতিবিধি লক্ষ্য কৰিবলৈ আৰু ভাৰতৰ নিৰাপত্তাৰ বাবে ভাৰতীয় বায়ুসেনাই চুখই যুঁজাৰু বিমান মোতায়েন কৰিছে।

পঞ্জাৱ আৰু যোধপুৰস্থিত এয়াৰবেচৰ পৰা এই বিমান কেইখন উৰা মাৰিছে।