আশ্বৰ্যকৰ! ৰাজপথত বাহনৰ পৰা ধন সংগ্ৰহ কৰা ১৮০ কেজি ওজনৰ ভুৱা পৰিদৰ্শকক গ্ৰেপ্তাৰ…

নিউজ ডেস্কঃ নিজকে আৰক্ষী পৰিদৰ্শক বুলি পৰিচয় দি ৰাজপথত বাহন ৰখাই টকা সংগ্ৰহ কৰে এগৰাকী ১৮০ কেজি ওজনৰ ভুৱা পৰিদৰ্শকক অৱশেষত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল আৰক্ষীৰ দলে।

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ টুণ্ডলাত।

টুণ্ডলা ৰাজা তাল আৰক্ষী চকীৰ অন্তৰ্গত এলেকাত এজন ১৮০ কেজি ওজনৰ শকত ব্যক্তিয়ে বিগত কিছুদিন ধৰি নিজকে আৰক্ষী বিষয়া বুলি পৰিচয় দি বাহনৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছিল।

ইয়াৰ পিছতে টুণ্ডলা ৰাজা তাল চৌকীৰ অ’চি গৌৰৱ শৰ্মাৰ নেতৃত্বত এটা দলে অভিযান চলাই জাৰৌলিকল্লাৰ পৰা গ্ৰেপ্তাৰ কৰে ভুৱা পৰিদৰ্শকজনক।

180 kg fake
আশ্বৰ্যকৰ! ৰাজপথত বাহনৰ পৰা ধন সংগ্ৰহ কৰা ১৮০ কেজি ওজনৰ ভুৱা পৰিদৰ্শকক গ্ৰেপ্তাৰ… 2

প্ৰকাণ্ড শৰীৰৰ ভুৱা পৰিদৰ্শকজনৰ পৰিচয় ৰামকিষাণ যাদৱ বুলি জানিব পৰা গৈছে। ধৃত ৰামকিষাণ গাজিয়াবাদৰ নিৱাসী।

আৰক্ষীয়ে অভিযুক্তজনৰ পৰা দিল্লীৰ পঞ্জীয়নকৃত এখন ৱেগনআৰ বাহন, দুখন ভুৱা আধাৰ কাৰ্ড, একাধিক পান কাৰ্ড আৰু আৰক্ষী পৰিদৰ্শক পোছাক জব্দ কৰিবলৈ সক্ষম হৈছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ইতিমধ্যে অভিযুক্তজনৰ স্বাস্থ্য পৰীক্ষা কৰা কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে।