ভাৰতীয় সেনা উপাৰ্জনৰ স্থান নহয়! যদিহে অগ্নিপথ আপোনাৰ পছন্দৰ নহয়, তেন্তে নাহিবঃ কেন্দ্ৰীয় মন্ত্ৰী ভি কে সিং

নিউজ ডেস্কঃ ভাৰতীয় সেনা উপাৰ্জনৰ ঠাই নহয়। নহয় কোনো দোকান বা কোম্পানী। যিসকলে ‘অগ্নিপথ’ আঁচনি পছন্দ নকৰে, তেওঁলোক অহাৰো কোনো প্ৰয়োজন নাই। -এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী ভি কে সিঙৰ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে সেনাত চাৰি বছৰ চাকৰি কৰাৰ পিছত যুৱক-যুৱতীসকল নিজৰ নিজৰ কৰ্মত দক্ষ হৈ পৰিব আৰু কাৰো সহায় অবিহনে তেওঁলোকে নিজক প্ৰতিষ্ঠা কৰিব পাৰিব।

ভি কে সিঙৰ মতে দোকান বা কোম্পানীৰ দৰে সেনা বাহিনী কোনো নিযুক্তিৰ মাধ্যম নহয়। যিসকলে সেনাত যোগদান কৰে, তেওঁলোকে স্বেচ্ছাই যোগদান কৰে বুলিও মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

তেওঁ লগতে কয়, “অগ্নিপথ এটা স্বেচ্ছামূলক প্ৰকল্প। যিসকলে আহিব বিচাৰে তেওঁলোক আহিব পাৰে।’

উল্লেখযোগ্য যে, ‘অগ্নিপথ’ আঁচনিৰ ঘোষণাৰ পিছতে দেশৰ বিভিন্ন প্ৰান্তত এই আঁচনিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছে। বিভিন্ন স্থানত প্ৰতিবাদকাৰীয়ে বাছ আৰু ৰে’লত অগ্নিসংযোগ কৰিও বিক্ষোভ প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে।

এই প্ৰতিবাদ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, “আপোনালোকক কোনে আহিবলৈ কৈছে? আপোনালোকে বাছ আৰু ৰে’ল জ্বলাই আছে। কোনোবাই আপোনাক কৈছে নেকি যে আপোনাক সেনালৈ জোৰ কৰি লৈ যোৱা হ’ব? এই ক্ষেত্ৰত কোনো বাধ্যবাধকতা নাই।’’