ভাৰতীয় সেনাৰ তথ্য যােগান ধৰি গ্ৰেপ্তাৰ হ’ল গেছ এজেঞ্চীৰ সঞ্চালকৰূপী পাকিস্তানী চােৰাংচােৱা

নিউজ ডেস্ক। ৰাজস্থান আৰক্ষীৰ চোৰাংচোৱা আৰু সামৰিক চোৰাংচোৱা বিভাগৰ বিশেষ সফলতা।

বিভাগে পাকিস্তানী চোৰাংচোৱা সংস্থা আইএছআইৰ গুপ্তচৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ৰাজস্থান চোৰাংচোৱা আৰু সামৰিক চোৰাংচোৱাৰ এক যুটীয়া অভিযানত গ্ৰেপ্তাৰ কৰা হয় গুপ্তচৰক।

পাকিস্তানী গুপ্তচৰটোক সন্দীপ কুমাৰ বুলি জানিব পৰা যায়।

দুই চোৰাংচোৱা সংস্থাই ঝুনঝুনুৰ নাৰহাৰ অঞ্চলৰ পৰা পাক গুপ্তচৰ সন্দীপ কুমাৰক গ্ৰেপ্তাৰ কৰে। সন্দীপে সেই স্থানত এটা গেছ এজেঞ্চী চলায় বুলি জানিব পৰা যায়। তেওঁৰ এজেঞ্চীৰ ওচৰত এটা সেনা ছাউনী আছে।

ৰাজস্থানৰ আৰক্ষী সঞ্চালক প্ৰধান (চোৰাংচোৱা) উমেশ মিশ্ৰাই কয় যে, “পাকিস্তানী গুপ্তচৰ সন্দীপ কুমাৰে হোৱাটছএপ, ভইচ কল আৰু ভিডিঅ’ কলৰ জৰিয়তে পাকিস্তানী হেণ্ডলাৰসকললৈ সেনা শিবিৰ নাৰহাদৰ ফটো আৰু সংবেদনশীল গোপনীয় তথ্য প্ৰেৰণ কৰি আহিছে। এই কামৰ বাবে পাকিস্তানী চোৰাংচোৱাই তেওঁক ধন যোগান ধৰি আহিছিল।”

মিশ্ৰই কয়, “নাৰহাদৰ ইণ্ডেন গেছ এজেঞ্চীৰ সঞ্চালক সন্দীপ কুমাৰক ১২ ছেপ্টেম্বৰত ৰাজ্যিক চোৰাংচোৱা আৰু সামৰিক চোৰাংচোৱা চাউডাৰ্ণ কমাণ্ডে যুটীয়া অভিযান আৰু নিৰীক্ষণৰ পিছত আটক কৰে। যুটীয়া অনুসন্ধান কেন্দ্ৰ জয়পুৰৰ সকলো সংস্থাই তেওঁক সোধা-পোছা কৰিছিল৷ ৩০ বছৰীয়া সন্দীপ কুমাৰে কয় যে তেওঁ মূলতঃ ঝুনঝুনুৰ জিলাৰ নাৰহাদত বাস কৰে আৰু সেনা শিবিৰ নাৰহাদৰ সন্মুখৰ ইণ্ডেন গেছ এজেঞ্চীৰ তেওঁ সঞ্চালক৷ সেনাৰ নাৰহাদ শিবিৰত তেওঁৰ এজেঞ্চীয়ে গেছ যোগান ধৰে।”

উমেশ মিশ্ৰাই লগতে কয় যে, “এই বছৰৰ জুলাই মাহত পাক হেণ্ডলিং বিষয়াই অভিযুক্তজনৰ মোবাইল ফোনত ফোন কৰিছিল আৰু সেনা শিবিৰ নাৰহাদৰ ফটো আৰু সংবেদনশীল গোপনীয় তথ্য বিচাৰিছিল। যিটো অভিযুক্ত সন্দীপে ধনৰ প্ৰলোভনৰ বাবে প্ৰেৰণ কৰিছিল। তেওঁ হোৱাটছএপৰ জৰিয়তে নিজৰ বেংক একাউণ্টৰ বিৱৰণো প্ৰেৰণ কৰিছিল আৰু সেই একাউণ্টযোগে তেওঁ টকাও লাভ কৰিছিল। অভিযুক্তৰ ফোনৰ প্ৰকৃত অনুসন্ধানে এই তথ্যবোৰ সত্য প্ৰমাণিত কৰে। অভিযুক্তজনৰ বিৰুদ্ধে অফিচিয়েল চিক্ৰেটছ এক্ট, ১৯২৩ ৰ অধীনত গোচৰ ৰুজু কৰা হয় আৰু গ্ৰেপ্তাৰ কৰা হয়।”

বিভাগে কয় যে, পাক গুপ্তচৰ সন্দীপ কুমাৰক সোধা-পোছা কৰিলে আৰু অধিক তথ্য উন্মোচন হ’ব। তেওঁক ৰাজ্য আৰু কেন্দ্ৰৰ নিৰাপত্তা সংস্থাসমূহে নিৰন্তৰ সোধা-পোছা কৰি আছে। তেওঁৰ ফোন কলবোৰো স্কেন কৰা হৈছে।

Leave a Comment