মহাৰাষ্ট্ৰৰ থানেৰ ভিৱান্দি আৰক্ষীয়ে বৈধ নথি-পত্ৰ অবিহনে ভিৱান্দিত বাস কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে বাংলাদেশী নাগৰিকক।
১২ দিনত ৪৯ জন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
তেওঁলোকৰ ৪০ জনক মঙলবাৰে গ্ৰেপ্তাৰ কৰা হৈছিল। বাকী নজনক প্ৰায় দুসপ্তাহ পূৰ্বে ভিৱান্দিৰ এমআইডিচি অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল।

আৰক্ষীয়ে জনোৱা অনুসৰি, পশ্চিম অঞ্চলৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত অনিল কুম্ভাৰেৰ নিৰ্দেশনাত ভিৱান্দি আৰক্ষীয়ে চহৰখনত অবৈধভাৱে বাস কৰি থকা ৪০ জন বাংলাদেশীক গ্ৰেপ্তাৰ কৰে।
৪০ জনৰ ভিতৰত ২০ জনক শান্তিনগৰ আৰক্ষীয়ে, ১০ জনক নাৰপলি আৰক্ষীয়ে আৰু ১০ জনক ভিৱান্দি মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
আৰক্ষীয়ে লগতে কয় যে, তেওঁলোকৰ পৰা ৯৪,০০০ টকা, ২৮ টা মোবাইল ফোনৰ সৈতে পাছপোৰ্ট, আধাৰ আৰু পেন কাৰ্ড উদ্ধাৰ কৰা হয়।
এজন আৰক্ষী বিষয়াই কয়, “তেওঁলোকে ইয়ালৈ টকা উপাৰ্জন কৰিবলৈ আহিছিল। কিন্তু অবৈধভাৱে দেশত প্ৰৱেশ কৰিছিল আৰু শ্ৰমিক হিচাপে কাম কৰি আছিল। তেওঁলোকে ভিৱান্দিৰ গুদাম এলেকাত বাস কৰিছিল। তেওঁলোকৰ বেছিভাগৰ হাতত পেন আৰু আধাৰ কাৰ্ড আছিল। যিবোৰ জাল নথি-পত্ৰ ব্যৱহাৰ কৰি প্ৰাপ্ত কৰা বুলি সন্দেহ কৰা হৈছে।”









