নিউজ ডেস্কঃ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতীয় সেনা-আৰক্ষীৰ বৃহৎ সফলতা।
সেনা-আৰক্ষী আৰু চিআৰপিএফৰ যুটীয়া অভিযানত নিহত দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-এ-তৈবাৰ ৩ জন কেডাৰ।
মঙলবাৰে আৰক্ষীয়ে প্ৰকাশ কৰা মতে, দক্ষিণ কাশ্মীৰৰ শ্বোপিয়ান জিলাৰ মুঞ্জ মাৰ্গ অঞ্চলত সন্ত্ৰাসবাদীৰ এটা দল আত্মগোপন কৰি থকাৰ খবৰ লাভ কৰি সেনা, আৰক্ষী আৰু চিআৰপিএফ বাহিনীয়ে যুটীয়া অভিযান চলায়।
এই অভিযানৰ সময়ত সন্ত্ৰাসবাদীৰ দলটোৱে পলায়নৰ চেষ্টা কৰাত সেনা-আৰক্ষীয়ে গুলীচালনা কৰে।
যাৰ ফলত ৩ জন সন্ত্ৰাসবাদীৰ গুলীবিদ্ধ হৈ মৃত্যু ঘটে।
নিহত দুজন সন্ত্ৰাসবাদীক চিনাক্ত কৰা হৈছে যদিও আনজনক এতিয়াও চিনাক্ত কৰা হোৱা নাই বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।
নিহত দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী কেইজনৰ ভিতৰত আছে শ্বোপিয়ানৰ বাসিন্দা লতিফ ল’ন আৰু অনন্তনাগৰ উমৰ নাজিৰ।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, নিহত সন্ত্ৰাসবাদী লতিফ কাশ্মীৰী পণ্ডিত পুৰাণ কৃষ্ণ ভাটৰ হত্যাৰ লগত জড়িত আছিল।
আনহাতে উমৰ নেপালৰ পৰা অহা শ্ৰমিক টিল বাহাদুৰ থাপাক হত্যা কৰাত জড়িত আছিল।
সন্ত্ৰাসবাদী দুজনৰ পৰা এটা এ কে ৪৭ ৰাইফল আৰু ২টা পিষ্টল উদ্ধাৰ কৰা হৈছে।









