দানবীৰ ভিক্ষাৰী! মন্দিৰৰ চিৰিত বহি ভিক্ষা মাগি সঞ্চয় কৰা সমস্ত জমাপুঞ্জী মন্দিৰ পৰিচালনা সমিতিক দান এগৰাকী মহিলা ভিক্ষাৰীৰ…

নিউজ ডেস্কঃ পেছা তেওঁৰ ভিক্ষাবৃত্তি। মন্দিৰৰ সন্মুখত তেওঁ বছৰ বছৰ ধৰি ভিক্ষা মাগি জীৱন নিৰ্বাহ কৰি আহিছে।

মন্দিৰ দৰ্শনৰ বাবে অহা কোনো ভক্তই তেওঁৰ হাতত গুজি দি যায় ১-২ টকা। কোনোৱে আকৌ নিদিয়েও।

কিন্তু মন্দিৰৰ সন্মুখত তেওঁ ভিক্ষা মাগি লাভ কৰা কিছু সঞ্চিত ধনেই এতিয়া মন্দিৰলৈ দান আগবঢ়াই এতিয়া চৰ্চিত হৈ পৰিছে এগৰাকী মহিলা ভিক্ষাৰী।

image 110
দানবীৰ ভিক্ষাৰী! মন্দিৰৰ চিৰিত বহি ভিক্ষা মাগি সঞ্চয় কৰা সমস্ত জমাপুঞ্জী মন্দিৰ পৰিচালনা সমিতিক দান এগৰাকী মহিলা ভিক্ষাৰীৰ… 5

তেওঁৰ নাম টুলু। ওড়িশাৰ ফুলবানীৰ ঐতিহাসিক জগন্নাথ মন্দিৰৰ সন্মুখতে বহু বছৰ ধৰি ভিক্ষা মাগি আহিছে এইগৰাকী মহিলাই।

জানিব পৰা মতে, টুলু মূলতঃ কটকৰ বাসিন্দা। বহু বছৰ পূৰ্বে তেওঁ ফুলবানীৰ প্ৰফুল্ল বেহাৰাৰ সৈতে প্ৰেম বিবাহ কৰিছিল। কিন্তু বিয়াৰ কিছুবছৰ পিছত আকস্মিকভাৱে স্বামীৰ মৃত্যু ঘটে।

image 111
দানবীৰ ভিক্ষাৰী! মন্দিৰৰ চিৰিত বহি ভিক্ষা মাগি সঞ্চয় কৰা সমস্ত জমাপুঞ্জী মন্দিৰ পৰিচালনা সমিতিক দান এগৰাকী মহিলা ভিক্ষাৰীৰ… 6

স্বামীৰ মৃত্যুৰ পিছত পেটৰ তাড়নাত অৱশেষত ভিক্ষাবৃত্তিক আঁকোৱালি ল’বলগীয়া হয় টুলুৱে।

যাৰ ফলত বিগত ২০ বছৰ ধৰি তেওঁ জগন্নাথ মন্দিৰৰ সন্মুখত ভিক্ষা মাগি জীৱন নিৰ্বাহ কৰি আহিছিল।

image 112
দানবীৰ ভিক্ষাৰী! মন্দিৰৰ চিৰিত বহি ভিক্ষা মাগি সঞ্চয় কৰা সমস্ত জমাপুঞ্জী মন্দিৰ পৰিচালনা সমিতিক দান এগৰাকী মহিলা ভিক্ষাৰীৰ… 7

ইফালে এইগৰাকী মহিলা ভিক্ষাৰীয়ে ভিক্ষা মাগি উপাৰ্জন কৰা কিছু টকা ডাকঘৰত জমা কৰিও ৰাখিছিল।

ডাকঘৰত জমা কৰা সেই প্ৰায় এক লাখ টকাই এতিয়া জগন্নাথ মন্দিৰ সমিতিক দান কৰাৰ সিদ্ধান্ত লৈছে টুলুৱে।

image 113
দানবীৰ ভিক্ষাৰী! মন্দিৰৰ চিৰিত বহি ভিক্ষা মাগি সঞ্চয় কৰা সমস্ত জমাপুঞ্জী মন্দিৰ পৰিচালনা সমিতিক দান এগৰাকী মহিলা ভিক্ষাৰীৰ… 8

তেওঁৰ মতে, এতিয়া তেওঁক আৰু টকাৰ প্ৰয়োজন নাই। যিটো মন্দিৰৰ চিৰিত বহি তেওঁ বিগত দুটা দশক ধৰি ভাতমুঠি গোটাব পাৰিছে, সেই মন্দিৰটোলৈ তেওঁৰ জমাপুঞ্জী আগবঢ়াবলৈ পাই সুখী হৈ পৰিছে টুলু।