ভাৰতত মুক্ত মনৰ লোকৰো শিৰচ্ছেদ হ’ব পাৰে! ৰাজস্থান কাণ্ডক লৈ এইবাৰ প্ৰতিক্ৰিয়া তছলিমা নাছৰিনৰ

নিউজ ডেস্কঃ বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ নূপুৰ শৰ্মাৰ বিতৰ্কিৰ মন্তব্যৰ সমৰ্থন কৰাৰ অপৰাধত ৰাজস্থানৰ উদয়পুৰৰ এজন দৰ্জীক নিৰ্মমভাৱে হত্যা কৰাৰ ঘটনাক লৈ সমগ্ৰ দেশজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে। বিভিন্ন সমাজ সংগঠন তথা ৰাজনৈতিক দলে এই ঘটনাৰ তীব্ৰ গৰিহণা দিছে।

ইয়াৰ মাজতে উদয়পুৰৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে লেখিকা তছলিমা নাছৰিনে। টুইটাৰত তেওঁ ধৰ্মীয় মৌলবাদক তীব্ৰ সমালোচনা কৰি কয় যে ধৰ্মীয় মৌলবাদৰ আগ্ৰাসন সমাজৰ বাবে বিপদজনক আৰু উদয়পুৰৰ ঘটনাটো তাৰেই প্ৰমাণ।

একে সময়তে তছলিমাই কয় যে ভাৰতৰ প্ৰগতিশীল আৰু মুক্ত মনৰ লোকসকলো আমূল আগ্ৰাসনৰ পৰা সুৰক্ষিত নহয়। তেওঁ কয় যে ধৰ্মীয় ধৰ্মান্ধ সমাজৰ বাবে ইমানেই বিপদজনক যে ভাৰতৰ হিন্দুসকলো ইয়াৰ দ্বাৰা সুৰক্ষিত নহয়।

এটা টুইটত এই বিষয়টো উত্থাপন কৰি তাছলিমা নাছৰিনে লিখিছে, “জিহাদীসকলে কেৱল অমুছলমানেই নহয়, প্ৰগতিশীল মুছলমান আৰু মুক্ত মনৰ লোকৰো শিৰচ্ছেদ কৰিব পাৰে। ধৰ্মীয় উগ্ৰবাদ সদায় মানৱতাৰ বাবে ক্ষতিকাৰক।”

উল্লেখ্য যে, ২৬ জুন মঙলবাৰৰ পৰা আৰম্ভ হৈছিল এই ঘটনা। উদয়পুৰৰ এগৰাকী দৰ্জীয়ে ছ’চিয়েল মিডিয়াত বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ নুপুৰ শৰ্মাৰ মন্তব্যৰ সমৰ্থনত এটা পোষ্ট কৰিছিল।

অভিযোগ অনুসৰি দৰ্জীজনে কৰা পোষ্টটোৰ পিছতে দোকানৰ ভিতৰত তেওঁক ডিঙি চেপি হত্যা কৰা হয়। হত্যাকাণ্ডৰ ভিডিঅ’ বনাই ভাবুকি দিয়াৰো অভিযোগ উত্থাপন হৈছে। ঘটনাৰ খবৰ ৰাজহুৱা হোৱাৰ লগে লগে ৰাজস্থানত উত্তেজনা বিয়পি পৰে। ইয়াৰ পিছতে ৰাজস্থান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্তক। সমগ্ৰ ঘটনাৰ তদন্ত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে NIAক নিৰ্দেশ দিছে।

উদয়পুৰৰ ঘটনাক গৰিহণা দি ৰাজস্থানৰ বিজেপি নেতা গুলাব চান্দ কটাৰিয়াই দোষীক শাস্তি প্ৰদানৰ দাবীত সৰৱ হৈ পৰে। লগতে মৃতকৰ পৰিয়ালক আৰ্থিক ক্ষতিপূৰণ দিবলৈও দাবী জনায়। কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে দোষীক শাস্তি প্ৰদানৰ দাবী জনাইছে।

ৰাহুল গান্ধীয়েও এই ঘটনাক গৰিহণা দিয়ে। উদয়পুৰত সংঘটিত হোৱা ঘটনা দেখি স্তম্ভিত হৈ পৰা বুলি কংগ্ৰেছ সাংসদ গৰাকীয়ে টুইটযোগে প্ৰকাশ কৰে। ধৰ্মৰ নামত বৰ্বৰতা সহ্য কৰা নহ’ব বুলিও সকীয়াই দিয়ে ৰাহুলে। তেওঁ দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায়। লগতে তেওঁ শান্তি বজাই ৰাখিবলৈও আহ্বান জনায়।

এই হত্যাকাণ্ডই সমগ্ৰ ৰাজস্থানত সৃষ্টি কৰিছে উত্তেজনা। কেইবাঠাইতো আৰম্ভ হ’ল বিক্ষোভ। ইণ্টাৰনেট সেৱাও বন্ধ কৰি দিয়া হৈছে। মুখ্যমন্ত্ৰী অশোক গেহলটেও এই ঘটনাক গৰিহণা দি ৰাজ্যত শান্তি বজাই ৰাখিবলৈ আহ্বান জনায়। তেওঁ দোষীক কঠোৰ শাস্তি বিহাৰ আশ্বাসো দিয়ে।