অসম

ভাষা বিতৰ্ক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়াঃ ৰাজ্য চৰকাৰে লাভ কৰা নাই কোনো ধৰণৰ নিৰ্দেশনা…

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে উত্তৰ-পূৰ্বাঞ্চলত দশম শ্ৰেণীলৈকে হিন্দী বাধ্যতামূলক কৰাৰ ঘোষণাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

অসমীয়া জাতীয় সত্বাক মষিমূৰ কৰি ৰাষ্ট্ৰ ভাষাৰ নামৰ হিন্দী বলয় নমাই অনা চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিভিন্ন দল-সংগঠন তথা ব্যক্তিবিশেষ।

ভাষা বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ত ৰাজ্য চৰকাৰে কোনো ধৰণৰ নিৰ্দেশনা লাভ কৰা নাই বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

শৰ্মাই কয়, ‘বাধ্যতামূলক কৰাৰ কথা বাদ দিয়ক, বিদ্যালয়ত হিন্দীক বৈকল্পিক বিষয় কৰিবলৈও আনকি ৰাজ্য চৰকাৰে পত্ৰ পোৱা নাই। অমিত শ্বাহৰ মন্তব্যটোৰ ভূল ব্যাখ্যা কৰা হৈছে’।  

চাৰিটা ভাষাক লৈ ভাষা নীতি প্ৰস্তুত কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘অসমত, এজন শিক্ষাৰ্থীয়ে অসমীয়া জানিব লাগে, এটা জনজাতীয় ভাষা জানিব পাৰিলে ভাল, হিন্দী আৰু ইংৰাজী জানিব লাগে’।

অমিত শ্বাহে হিন্দী ভাষাক মাধ্যম কৰাৰ কথা কোৱা নাই। অসমীয়া শিকাৰ উপৰিও হিন্দী ইংৰাজী জানিলে ভাল বুলিহে কৈছে অমিত শ্বাহে।-মুখ্যমন্ত্ৰীৰ মন্তব্য।

হিন্দী বাধ্যতামূলকতো বাদেই, বিকল্প কৰিব লাগে বুলিও এখন চিঠি অহা নাই বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

Leave a Reply

Your email address will not be published. Required fields are marked *