অসম

শ্বেতা আগৰৱালাৰ হত্যাকাণ্ড গোচৰৰ নতুন মোৰ, মূল অভিযুক্ত গোবিন্দৰ মাতৃ-ভগ্নীক দোষমুক্ত আদালতৰ…

শ্বেতা আগৰৱালাৰ হত্যাকাণ্ড গোচৰৰ নতুন মোৰ।

মূল অভিযুক্ত গোবিন্দৰ মাতৃ-ভগ্নীক দোষমুক্ত আদালতৰ।

গুৱাহাটী উচ্চ ন্যায়ালয়ে দোষমুক্ত ঘোষণা কৰে হত্যাকাণ্ডৰ মূল অভিযুক্ত গোবিন্দ সিংঘালৰ মাতৃ কমলা দেৱী আৰু ভগ্নী ভৱানী দেৱীক।

গোবিন্দা সিংহালৰ প্ৰসংগত নিম্ন আদালতত পুনৰ শুনানিৰ নিৰ্দেশ।

ছমাহৰ ভিতৰত শুনানি সম্পন্ন কৰাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ত।

image 21

উল্লেখ্য যে ২০১৭ চনত শ্বেতা আগৰৱালক জীৱন্তে জ্বলাই হত্যা কৰাৰ অভিযোগত নিজৰে সতীৰ্থ ছাত্ৰ গোবিন্দ সিংঘালক ২০১৯ চনত নিম্ন আদালতে মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰিছিল।

আনহাতে এই ঘটনাত জড়িত থকাৰ অভিযোগতে কামৰূপ ফাষ্ট ট্ৰেক আদালতেও সিংঘালৰ মাতৃ-ভগ্নীক মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰিছিল।

শুকুৰবাৰে উচ্চ ন্যায়ালয়ে আৰক্ষীৰ তদন্তত ত্ৰুটিৰ কথা উল্লেখ কৰি মুখ্য অভিযুক্তৰ মাতৃ-ভগ্নীক নিৰ্দোষী সাব্যস্ত কৰে।

উল্লেখ্য যে ২০১৭ চনৰ ৪ ডিচেম্বৰত গুৱাহাটীৰ ভৰলুমুখস্থিত সিংঘালৰ ঘৰৰ বাথৰুমত উদ্ধাৰ হৈছিল শ্বেতা আগৰৱালৰ মৃতদেহ।

সিংঘাল আৰু শ্বেতা আগৰৱালে একেখন শিক্ষানুষ্ঠানতে অধ্যয়ন কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *