অসম

প্ৰসংগঃ পাঠ্যক্ৰমত হিন্দী, কি ক’লে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশীয়ে?

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে উত্তৰ-পূৰ্বাঞ্চলত দশম শ্ৰেণীলৈকে হিন্দী বাধ্যতামূলক কৰাৰ ঘোষণাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

অসমীয়া জাতীয় সত্বাক মষিমূৰ কৰি ৰাষ্ট্ৰ ভাষাৰ নামৰ হিন্দী বলয় নমাই অনা চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিভিন্ন দল-সংগঠন তথা ব্যক্তিবিশেষ।

অসম তথা উত্তৰ পূৰ্বাঞ্চলত হিন্দী শিক্ষা বাধ্যতামূলক কৰাক আদৰণি অসম সাহিত্য সভাৰ একালৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে।

একালত ইংৰাজী ভাষাৰ বেনাৰত ক’লা ৰং সনা পৰমান্দ ৰাজবংশী বিজেপিলৈ আহি গেৰুৱা সাজ পিন্ধি এতিয়া কেন্দ্ৰৰ সুৰতে সুৰ মিলোৱা দেখিবলৈ পোৱা গৈছে।

তেওঁ কয়- ‘হিন্দী আমাক লাগে। সৰুতে আমিও হিন্দী পঢ়িছিলো।’

তেওঁ লগতে কয়- ‘হিন্দীক আকোৱালি লোৱাত আপত্তি নাই, কিন্তু প্ৰধান গুৰুত্ব দিব লাগিব অসমীয়া ভাষাক। অসম সাহিত্য সভাৰ সভাপতি হৈ থাকোতে চতুৰ্থ ভাষাৰ সূত্ৰ দিছিলো। এই সূত্ৰ দিলে অসমীয়া ভাষাৰ গুৰুত্ব কমি নাযায়।’

লগতে কয়- ‘ষষ্ঠমান শ্ৰেণীৰ পৰা বাধ্যতামূলক হিচাপে হিন্দী পঢ়িছিলো। সেইকাৰণে বাধ্যতামূলক কৰিলেও কৰক, আমাৰ কোনো আপত্তি নাই।’

Leave a Reply

Your email address will not be published. Required fields are marked *