পূজাৰ আনন্দ উল্লাসৰ মাজতে আন এক ভাল খবৰ।
নেচনেল গেমছত অসম সন্তানে লাভ কৰিছে বৃহৎ কৃতিত্ব।

গুজৰাটত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীয়াত অসম সন্তান অম্লান বৰগোহাঁইৰ দ্বিতীয়টো সোণৰ পদক অৰ্জন।
পুৰুষৰ ২০০ মিটাৰ দৌৰত স্বৰ্ণ জয় অসমৰ অম্লান বৰগোহাঁইৰ।
২১.১২ ছেকেণ্ডত দৌৰ সমাপ্ত কৰি স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয় অম্লানে।

ইয়াৰ পূৰ্বে পুৰুষৰ ১০০ মিটাৰ দৌৰতো স্বৰ্ণ জয় কৰিবলৈ সক্ষম হৈছিল অম্লান বৰগোহাঁইয়ে।
অম্লানে ১০০ মিটাৰ দৌৰত ১০.৩৮ ছেকেণ্ডত সম্পূৰ্ণ কৰি অৰ্জন কৰিছিল সোণৰ পদক।









