ভাল খবৰ! ৰাষ্ট্ৰীয় ক্ৰীড়াত অসম কন্যা হিমা দাসৰ ৰূপৰ পদক জয়…

পূজাৰ আনন্দৰ মাজতে ৰাজ্য বাসীৰ বাবে আন এক ভাল খবৰ।

ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত উজলি উঠিছে অসম কন্যা।

গুজৰাটত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়াত ধিং এক্সপ্ৰেছ হিমা দাসৰ ৰূপৰ পদক অৰ্জন।

মহিলাৰ ২০০ মিটাৰ দৌৰত হিমা দাসৰ ৰূপৰ পদক লাভ।

২৩.৬১ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় হিমাই।

আনহাতে মহিলাৰ ২০০ মিটাৰ দৌৰত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয় তামিলনাডুৰ অৰ্চনা সুচিন্দ্ৰনে।

২৩.০৬ ছেকেণ্ডেৰে ২০০ মিটাৰ দৌৰত শ্ৰেষ্ঠত্ব অৰ্জন অৰ্চনাৰ।