ভাল খবৰ! ভাৰতীয় কন্যাৰ শীৰত জিলিকিল মিছেছ ৱৰ্ল্ড ২০২২ ৰ খিতাপ…

দেশবাসীৰ বাবে এক গৌৰৱৰ খবৰ।

দুই দশকৰ মূৰত ভাৰতীয় কন্যাৰ শীৰত জিলিকিল মিছেছ ৱৰ্ল্ড ২০২২ ৰ খিতাপ।

২১ বছৰৰ মূৰত ভাৰতলৈ গৌৰৱ কঢ়িয়ালে সৰগম কৌশলে।

২০২১ চনৰ বিজয়ী আমেৰিকা যুক্তৰাষ্ট্ৰৰ শ্যেলিন ফৰ্ডে শনিবাৰে ৱেষ্টগেট লাছ ভেগাছ ৰিজৰ্ট আৰু কেচিনোত আয়োজিত এক অনুষ্ঠানত সৰগমৰ শিৰত শ্ৰেষ্ঠত্বৰ মুকুট পৰিধান কৰায়।

মিছেছ পলিনেছিয়াক প্ৰথম ৰানাৰ-আপ ঘোষণা কৰা হয় আৰু মিছেছ কানাডাক এই প্ৰতিযোগিতাত দ্বিতীয় ৰানাৰ-আপ ঘোষণা কৰা হয়।

জম্মু-কাশ্মীৰৰ বাসিন্দা মিছেছ ৱৰ্ল্ড সৰগমে অনুষ্ঠানটোৰ পিছত এটা ভিডিঅ’ত কয়, ‘আমি ২১-২২ বছৰৰ পিছত মুকুটটো ঘূৰাই পাইছো। মই বহুত উত্তেজিত। লাভ ইউ ইণ্ডিয়া, লাভ ইউ ৱৰ্ল্ড।