প্ৰসংগঃ দুৰ্ঘটনা! অৱশেষত টেঙাপুখুৰী আৰক্ষী চকীত উপস্থিত হ’ল অভিনেত্ৰী বৰষাৰাণী বিষয়া…

জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ দুৰ্ঘটনাৰ খবৰে ৰাজ্যজুৰি সৃষ্টি কৰিছিল চাঞ্চল্যৰ।

দুৰ্ঘটনাটোক লৈ অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে উত্থাপন হৈছিল গুৰুতৰ অভিযোগ। দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰাৰ অভিযোগ উঠিছিল অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে।

অৱশেষত টেঙাপুখুৰী আৰক্ষী চকীত উপস্থিত হ’ল অভিনেত্ৰী বৰষাৰাণী বিষয়া।

টেঙাপুখুৰী আৰক্ষী চকীত উপস্থিত হৈ অভিনেত্ৰী বৰষাৰাণী বিষয়াই আনটো পক্ষৰ সৈতে আলোচনা সম্পন্ন কৰে।

উল্লেখ্য, দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত অভিনেত্ৰীগৰাকীয়ে কোনো খবৰ নোলোৱা বুলিও অভিযোগ উঠিছিল।

অৱশেষত মথুৰাপুৰ আৰক্ষী থানাৰ ধৰ্মেন্দ্ৰ বড়াৰ নেতৃত্বত দুয়ো পক্ষৰ মাজত আলোচনা সম্পন্ন হয়।

উল্লেখ্য যে, সোণাৰিৰ পৰা শিৱসাগৰ অভিমুখী এখন এল্টো বাহনত সাপেখাটীৰ পৰা অভিনেত্ৰী বৰষা ৰাণী বিষয়াই অনুষ্ঠান পৰিৱেশন কৰি আহি থকা অৱস্থাত খুন্দা মাৰে। ফলত খাৱৈত বাগৰি পৰে এল্টো বাহনখন।