ভাল খবৰ! এছিয়ান বক্সিঙত স্বৰ্ণ পদক জয় লাভলীনা বৰগােঁহাইৰ

নিউজ ডেস্ক। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পদক জয়েৰে পুনৰ দেশৰ লগতে অসমবাসীক গৌৰৱান্বিত কৰিলে অসমৰ জীয়ৰী লাভলীনা বৰগােঁহাইয়ে।

উজবেকিস্তানত অনুষ্ঠিত এছিয়ান বক্সিং চেম্পিয়নশ্বপত স্বৰ্ণপদক জয় লাভলীনা বৰগোহাঁইৰ।

image 11
ভাল খবৰ! এছিয়ান বক্সিঙত স্বৰ্ণ পদক জয় লাভলীনা বৰগােঁহাইৰ 3

৭৫ কিলোগ্ৰাম শাখাত সোণৰ পদক জয় লাভলীনাৰ।

ফাইনেলত লাভলীনাই উজবেকিস্তানৰ ৰুজমেটোভা ছোখিবাক ৫-০ ব্যৱধানত পৰাস্ত কৰে।

image 10
ভাল খবৰ! এছিয়ান বক্সিঙত স্বৰ্ণ পদক জয় লাভলীনা বৰগােঁহাইৰ 4

স্বৰ্ণ পদক জয়ৰ খবৰে ৰাজ্যবাসীৰ মাজত আনন্দৰ বন্যা বােৱাইছে।

সামাজিক মাধ্যমৰ জৰিয়তে বিভিন্নজনে লাভলীনাক অভিনন্দ জনাইছে।

উল্লেখ্য যে এই প্ৰতিযোগিতাখনত লাভলীনাৰ উপৰি অসমৰ অংকুশিতা বড়োৱেও ব্ৰঞ্জৰ পদক লাভ কৰিছে।

লগতে অসমৰ শিৱ থাপাইও ফাইনেলত নিজৰ স্থান নিশ্চিত কৰি ভাৰতৰলৈ আন এটা পদক জয় কৰাটাে নিশ্চিত।