নদী পৰ্যটনত অন্য এক সংযোজন।
বাৰাণসী আৰু ডিব্ৰুগড়ৰ মাজত চলিব বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ।
ভাৰত চৰকাৰে অহা বছৰত বাৰাণসীৰ পৰা বাংলাদেশ হৈ ডিব্ৰুগড়লৈ বিশ্বৰ আটাইতকৈ দীঘল বিলাসী নদী ভ্ৰমণ আৰম্ভ কৰাৰ এটা প্ৰস্তাৱ গ্ৰহণ কৰিছে।
যিটোৱে ভাৰতত আভ্যন্তৰীণ জলপথ উন্নয়নত কৰিব বুলি আশা কৰা হৈছে।
২০২৩ বৰ্ষৰ জানুৱাৰী মাহত এই সেৱা মুকলি হোৱাৰ সম্ভাৱনা আছে।
৫০ দিনীয়া যাত্ৰাত প্ৰায় ৪০০০ কিঃমিঃ দূৰত্ব অতিক্ৰম কৰিব ‘গংগা বিলাস’ নামৰ এই ৰিভাৰ ক্ৰুজখনে।
জানিব পৰা অনুসৰি, ১০ জানুৱাৰীত ক্ৰুজখনে যাত্ৰা আৰম্ভ কৰি ১ মাৰ্চত ডিব্ৰুগড়ৰ বগীবিলত উপস্থিত হোৱাৰ সম্ভাৱনা আছে।
ইয়াৰোপৰি, ৫০ দিনীয়া এই যাত্ৰাত ক্ৰুজখনে বিশ্বৰ বহুকেইখন ঐতিহ্যক্ষেত্ৰকে ধৰি ৫০ টা পৰ্যটন ক্ষেত্ৰক সামৰি ল’ব।
ই হ’ব পৃথিৱীৰ আটাইতকৈ দীঘল বিলাসী নদী ভ্ৰমণ যি ৫০ দিনত ৪০০০ কিলোমিটাৰ অতিক্ৰম কৰিব।
ৰাজহুৱা আৰু ব্যক্তিগত অংশীদাৰিত্বৰ আৰ্হিত চলিব লগা এই ক্ৰুজৰ টিকটৰ মূল্যও অপাৰেটৰৰ দ্বাৰা নিৰ্ধাৰণ কৰা হ’ব।
বন্দৰ,জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এক সাক্ষাৎকাৰত কয় যে, গংগা বিলাস ক্ৰুজে ইয়াৰ দীৰ্ঘতম ৫০ দিনৰ নদী যাত্ৰাত বাৰাণসীৰ পৰা ডিব্ৰুগড়লৈ ২৭ খন নদী পাৰ হৈ যাব। এই ক্ৰুজখনত যাত্ৰা কৰিলে বিশ্বৰ বহু ঐতিহ্যক্ষেত্ৰকে ধৰি ৫০ টাতকৈও অধিক পৰ্যটন ক্ষেত্ৰ পৰিদৰ্শন কৰিব পাৰিব। এইটো পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদী ভ্ৰমণ হ’ব।
মন্ত্ৰী গৰাকীয়ে লগতে কয় যে সকলো ধৰণৰ পৰ্যটকৰ প্ৰতি লক্ষ্য ৰাখি ক্ৰুজত সুবিধা প্ৰদান কৰা হ’ব। যাত্ৰীসকলে এঠাইৰ পৰা আন ঠাইলৈ যাত্ৰা কৰিবলৈ সক্ষম হ’ব। ভাৰতীয় জাহাজ আইন সংশোধন কৰি ক্ৰুজ লাইনসমূহক ৰাষ্ট্ৰীয় অনুমতি প্ৰদান কৰা হ’ব। যাতে এজনে এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ নিৰ্বিঘ্নে ভ্ৰমণ কৰিব পাৰে।









