ৰাষ্ট্ৰীয়

একেলগে ৩২খনকৈ টোলগে’ট বন্ধ কৰি দিয়াৰ সিদ্ধান্ত এইখন ৰাজ্য চৰকাৰৰ…

ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কৰা টোলগে’ট সমূহে সাধাৰণ জনতাক জ্বলা-কলা খুৱাই অহাৰ সময়তে এক ভাল খবৰ।

তামিলনাড চৰকাৰে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

তামিলনাডুৰ ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে বন্ধ কৰাৰ সিদ্ধান্ত লৈছে ৩২ খনকৈ টোলগে’ট।

তামিলনাডুৰ গড়কাপ্তানি বিভাগৰ মন্ত্ৰী ই ভি ভেলুৱে বৃহস্পতিবাৰে বিধানসভাত কয় যে অতি শীঘ্ৰেই ৩২ খনকৈ টোলগে’ট বন্ধ কৰি দিয়া হ’ব।

উল্লেখ্য যে, ৰাজ্যখনত আছে ৪৮ খনকৈ টোলগে’ট।

মন্ত্ৰী গৰাকীয়ে কয় যে, মাত্ৰ ১৬ খন টোল গে’টৰহে প্ৰয়োজন গতিকে বাকী সমূহ বন্ধ কৰি দিয়া হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *