ৰাষ্ট্ৰীয়অসমীয়া

ভাগ্যৰ খেল! নিশাটােৰ ভিতৰতে ২৫ কােটি টকাৰ গৰাকী হৈ পৰিল এজন অটো চালক

নিউজ ডেস্ক। ইয়াকে কয় ভাগ্যৰ খেল!

শনিবাৰে সন্ধিয়া লটাৰীৰ টিকট ক্ৰয় কৰা এজন অটাে চালকে কেইঘন্টামান পিছতে হৈ পৰে সেই লটাৰীৰ জেকপটৰ বিজয়ী।

সেই অটাে চালকজনে জেকপট বিজয়ী হিচাপে লাভ কৰে নগদ ২৫ কােটি টকা।

অটাে চলাই কােনাে মতে পৰিয়াল পােহপাল দিয়া অটাে চালকজন নিশাটােৰ ভিতৰতে হৈ পৰিল বিপুল ধনৰ গৰাকী।

G01

চৰকাৰী লটাৰীত অটাে চালকজনে জেকপট জয় কৰি লাভ কৰিলে ২৫ কােটি টকা।

দেওবাৰে, অৰ্থাৎ ১৮ ছেপ্টেম্বৰৰ দিন কােনাে দিনে পাহৰিব নােৱাৰিব অনুপ নামৰ কেৰেলাৰ অটাে চালকজনে।

ৰাজ্যৰ ৰাজধানী তিৰুৱনন্তপুৰমত অনুষ্ঠিত এই লটাৰী খেলত TJ-750605 নং টিকটৰ গৰাকী অনুপে লাভ কৰে জেকপট।

দেওবাৰে দুপৰীয়া প্ৰায় ২ বজাত কেৰালাৰ বিত্ত মন্ত্ৰী কে এন বালাগোপালে লাকী ড্ৰ’ৰ পিছতে ঘােষণা কৰে জেকপট লাভ কৰা সৌভাগ্যৱান বিজেতাৰ নাম।

image 139

তিৰুৱন্তপুৰমৰ শ্ৰীৱাৰাহামৰ বাসিন্দা অনুপে সাংবাদিকক কয় যে জেকপট লাভ কৰি তেওঁ অতি উৎফুল্লিত হৈ পৰিছে।

“এই মুহূৰ্তত মই নাজানো এই টকাখিনিৰে কি কৰিব লাগিব। মই কেৱল সুখী। অন্য বিষয়ে মই পিছত চিন্তা কৰিম,”- সাংবাদিকক কয় অটাে চালক অনুপে।

উল্লেখ্য যে পৱিত্ৰ অনাম উৎসৱ উপলক্ষে এই লটাৰীৰ আয়ােজন কৰা হৈছিল।

এই বেলি ৫੦੦ টকাৰ সৰ্বমুঠ ৬৬.৬ লাখ টিকট বিক্ৰী কৰিছিল উদ্যােক্তাসকলে।