ভয়ংকৰ! ষ্টিয়াৰিং ৰড ভাঙি দ খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ, আহত কমেও ২০ যাত্ৰী…

নিউজ ডেস্কঃ মহাৰাষ্ট্ৰৰ পুনেত ভয়ংকৰ বাছ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই গভীৰ খাৱৈত বাগৰি পৰিল এখন যাত্ৰীবাহী বাছ।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ২০ জনতকৈও অধিক যাত্ৰী।

পুনেৰ পৰা লাটুৰ অভিমুখে বাছখন গৈ থকা সময়তে সংঘটিত হয় এই দুৰ্ঘটনা।

জানিব পৰা মতে, বাছখনৰ ষ্টিয়াৰিং ৰড ভাঙি যোৱাৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাই পেলায় চালকজনে।

যাৰ ফলত বাছখন বাগৰি পৰে গভীৰ খাৱৈত।

ইফালে দুৰ্ঘটনাৰ পিছত ঘটনাস্থলীত আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত আহত সকলক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।

আহত সকলৰ একাধিক জনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।