পৃথক কমতাপুৰক লৈ কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ সিদ্ধান্তৰ পূৰ্বে মূল সুঁতিলৈ উভতিল KLOৰ মুৰব্বী জীৱন সিংহ…

নিউজ ডেস্কঃ শান্তি আলোচনাৰ স্বাৰ্থত অৱশেষত মূল সুঁতিলৈ উভতি আহিল কমতাপুৰ মুক্তি সংগঠনৰ মুৰব্বী টিমিৰ দাস ওৰফে জীৱন সিংহ।

বাতৰি অনুসৰি, ১৩ জানুৱাৰী, শুকুৰবাৰে নাগালেণ্ডৰ মন জিলাৰ লংৱাত গাঁৱত কেএলঅ’ৰ আন কেডাৰৰ সৈতে আছাম ৰাইফলছৰ সন্মুখত আত্মসমৰ্পণ কৰে জীৱন সিংহই।

বৰ্তমান নিষিদ্ধ সংগঠনৰ মুৰব্বীজনক আছাম ৰাইফলছৰ জিম্মাত শান্তি আলোচনাৰ বাবে নতুন দিল্লীলৈ লৈ যোৱা হৈছে বুলি জানিব পৰা গৈছে।

image 34
পৃথক কমতাপুৰক লৈ কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ সিদ্ধান্তৰ পূৰ্বে মূল সুঁতিলৈ উভতিল KLOৰ মুৰব্বী জীৱন সিংহ… 2

বাতৰি অনুসৰি, ম্যানমাৰৰ চাগাইং প্ৰদেশৰ উত্তৰ-পশ্চিম অংশৰ এটা শিৱিৰত আশ্ৰয় লৈ আছিল কেএলঅ’ৰ মুৰব্বী জীৱন সিংহই।

শুকুৰবাৰে বিয়লি তেওঁ মন জিলাৰ মাজেৰে নাগালেণ্ডত প্ৰৱেশ কৰাৰ পিছত ভাৰত-ম্যানমাৰ সীমান্তত পহৰা দিয়া আছাম ৰাইফলছৰ সন্মুখত আত্মসমৰ্পণ কৰে।

একে সময়তে জীৱন সিংহৰ সৈতে সংগঠনটোৰ আন ৯ জন কেডাৰেও আত্মসমৰ্পণ কৰা বুলি জানিব পৰা গৈছে।

ইয়াৰ পিছতে জীৱন সিংহক শান্তি আলোচনাৰ বাবে বিমানেৰে নতুন দিল্লীলৈ লৈ যোৱা হয় বুলি গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ শীৰ্ষ সূত্ৰই প্ৰকাশ কৰে।

উল্লেখযোগ্য ২৬ জানুৱাৰীৰ ভিতৰত কমতাপুৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে এক বৃহৎ ঘোষণা কৰিব। তাৰ পূৰ্বে জীৱন সিংহৰ মূলসুঁতিলৈ ঘূৰি অহা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।