ভয়ংকৰ! বাইকেৰে খুন্দিয়াই বৃদ্ধাক হত্যা কৰি ১০ মিনিটত থানাৰ পৰা ওলাই আহিল গেংছ অৱ ডেভিলৰ সদস্য, তাৰ পিছতে সামাজিক মাধ্যমত পৈশাচিক আনন্দ…

নিউজ ডেস্কঃ বাইকেৰে খুন্দিয়াই বৃদ্ধাক হত্যা কৰি সামাজিক মাধ্যমত পৈশাচিক আনন্দৰ ভিডিঅ’ শ্বেয়াৰ কৰা বিলাসীপাৰাৰ গেংছ অৱ ডেভিলৰ ২ সদস্যক চিনাক্ত কৰিছে আৰক্ষীয়ে।

উদণ্ড বাইকাৰছৰ এই দলটোৰ এজন সদস্যৰ বাইকৰ খুন্দাতেই দেওবাৰে মৃত্যু ঘটিছিল এগৰাকী ৭০ বছৰীয়া বৃদ্ধাৰ।

তাৰ পিছতে সামাজিক মাধ্যমত ভিডিঅ’ শ্বেয়াৰ কৰি আৰক্ষীক চেলেঞ্জ দি ‘মানুহ মাৰি ১০ মিনিটতে থানাৰ পৰা ওলাই আহিছো’ বুলি ফিতাহী পাৰিছিল তথাকথিত গেংছ অৱ ডেভিলৰ এই দলটোৱে।

ইফালে এই ভিডিঅ’ক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছতে আৰক্ষীয়ে তদন্ত চলাই চিনাক্ত কৰিছে দুৰ্ঘটনা সংঘটিত কৰা বাইকাৰ জনক আৰু ভিডিঅ’ পোষ্ট কৰা যুৱকজনক।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, দেওবাৰে বিলাসীপাৰাৰ সূৰ্যখাটাত মিনহাজুল কৰিম ওৰফে ৰোহন নামৰ বাইকাৰ জনৰ খুন্দাতে প্ৰাণ হেৰুৱাইছিল ছকিনা বেওৱা নামৰ ৭০ বছৰীয়া বৃদ্ধাগৰাকীয়ে।

এএছ ১৭এম ১১০১ নামৰ বাইকখনেৰে ৰোহন নামৰ যুৱকজনে খুন্দিয়াইছিল বৃদ্ধা গৰাকীক।

ইফালে সন্ধিয়া হাতত চিগাৰেট লৈ পৈশাচিক আনন্দ কৰি অখিৰ আহমেদ নামৰ যুৱকজনে সামাজিক মাধ্যমত পোষ্ট কৰিছিল ভিডিঅ’।

আৰক্ষীয়ে অভিযুক্ত কেইজনৰ সন্ধানত অনুসন্ধান চলাই আছে যদিও বাইকাৰছৰ দলটোৰ সকলো সদস্য বৰ্তমান পতালক হৈ থকা বুলি জানিব পৰা গৈছে।

আনহাতে এগৰাকী মহিলাক বাইকেৰে খুন্দিয়াই হত্যা কৰাৰ পিছত কিদৰে অভিযুক্তই ১০ মিনিটৰ ভিতৰত থানাৰ পৰা ওলাই আহিবলৈ সক্ষম হ’ল, তাক লৈও প্ৰশ্নৰ উত্থাপন হৈছে।

নিজকে গেংছ অৱ ডেভিল বুলি পৰিচয় দিয়া উদণ্ড বাইকাৰছৰ দলটোক কৰায়ত্ত কৰি কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে বিলাসীপাৰাবাসীয়ে।