চাঞ্চল্যকৰ! দিন দুপৰতে বিধায়ক পুত্ৰৰ গুলীচালনাত আহত ৪ জনকৈ লোক…

নিউজ ডেস্কঃ দিনৰ পোহৰতে গুলীচালনা বিধায়ক পুত্ৰৰ।

বিধায়ক পুত্ৰৰ বন্দুকৰ গুলী লাগি আহত ৪ জনকৈ লোক।

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে বিহাৰৰ ভাগলপুৰত।

বিহাৰ চৰকাৰৰ মিত্ৰদল জনতা দল ইউনাইটেডৰ বিধায়ক গোপাল মণ্ডলৰ পুত্ৰ আশীষ মণ্ডলে দিনৰ পোহৰতে সংঘটিত এই কৰে এই ঘটনা।

সম্পত্তিৰ বিবাদক লৈ দিনৰ পোহৰতে গুলীবৰ্ষত বিধায়কপুত্ৰ আশীষ মণ্ডলৰ।

image 79
চাঞ্চল্যকৰ! দিন দুপৰতে বিধায়ক পুত্ৰৰ গুলীচালনাত আহত ৪ জনকৈ লোক… 2

গুলীচালনাত আহত ৰবি কুমাৰৰ লগতে আন ৩ জন।

জানিব পৰা মতে, মূৰত গুলী লাগি গুৰুতৰভাৱে আহত হৈছে ৰবি কুমাৰ।

ৰবি কুমাৰৰ পৰিয়ালৰ অভিযোগ অনুসৰি, তেওঁলোকৰ সৈতে ভূমি বিবাদত জড়িত ৰিয়েল এষ্টেট ফাৰ্মৰ সঞ্চালক হৈছে বিধায়ক গোপাল মণ্ডল।

ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে আহত ৰবি কুমাৰৰ পৰিয়ালে।

অৱশ্যে এই মুহূৰ্তলৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই বিধায়ক পুত্ৰক।