ভয়ংকৰ পথ দুৰ্ঘটনা! ৰৈ থকা কণ্টেইনাৰৰ তলত সোমাল তীব্ৰবেগী ছুইফ্ট বাহন, নিহত ২ আৰোহী…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

ৰৈ থকা কণ্টেইনাৰৰ তলত সোমাল তীব্ৰবেগী ছুইফ্ট বাহন।

দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হৈছে ২ গৰাকীকৈ লোক।

কৰ্ণাটকৰ কালাবুৰাগী জিলাৰ সোনা ক্ৰছৰ ওচৰত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

মৃতসকলক চিন্দগী আৰক্ষী থানাৰ চক্ৰ পৰিদৰ্শক ৰবি আৰু তেওঁৰ পত্নী মধু বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, ৰৈ থকা এখন কণ্টেইনাৰ ট্ৰাকত খুন্দা মাৰে এখন দ্ৰুতবেগী ছুইফ্ট বাহনে।

ছুইফ্ট বাহনখন ইমানেই দ্ৰুতগতিত আছিল যে ৰৈ থকা কণ্টেইনাৰ ট্ৰাকখনৰ তলত সোমাই যায়।