দিল্লী পৌৰ নিগমৰ নিৰ্বাচনত বিজেপিৰ মুখথেকেচা, AAP-ৰ দখললৈ দিল্লী পৌৰ নিগম…

দিল্লী পৌৰ নিগমৰ নিৰ্বাচনত AAPৰ জয়যাত্ৰা।

১৫ বছৰ পাছত APP-ৰ দখললৈ দিল্লী পৌৰ নিগম।

BJP-ৰ ১০৪ খন আসনৰ বিপৰীয়ে AAPয়ে দখল কৰিবলৈ সক্ষম হৈছে ১৩৪খন আসন।

আনহাতে কংগ্ৰেছ দলে ৯টা ৱাৰ্ডত জয়লাভ কৰিছে। নিৰ্দলীয়ই ৩ খন আসন জিকিছে।

সংখ্যাগৰিষ্ঠতা সহজে অতিক্ৰম কৰিছে আপে। একক সংখ্যাগৰিষ্ঠতা পাবৰ বাবে মুঠ আসন লাগিছিল ১২৬ খন, পাছে আপে সহজে ১৩৪ খন আসন লাভ কৰে।

উল্লেখ্য যে, ৰাজধানী দিল্লীত ৪ ডিচেম্বৰত ২৫০ টা ৱাৰ্ডৰ অনুষ্ঠিত হৈছিল দিল্লী পৌৰ নিগমৰ নিৰ্বাচন।

নিৰ্বাচনত মুঠ ১,৩৪৯ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছিল।

উল্লেখ্য যে, ১৫ বছৰ ধৰি বিজেপিৰ দখলত আছিল দিল্লী পৌৰ নিগম। কিন্তু এইবাৰ একক সংখ্যাগৰিষ্ঠাতাৰে পৌৰ নিগম দখল কৰিবলৈ সক্ষম হৈছে কেজৰিৱাল। অথলে গ’ল বিজেপিৰ ব্যাপক প্ৰচাৰ।